ভাৰত আৰু অষ্ট্ৰিয়া পশ্চিম এছিয়াত দীৰ্ঘম্যাদী শান্তিৰ সমৰ্থনঃ মোডী
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কয় যে সমগ্ৰ বিশ্বই বৰ্তমান এক গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে, যাৰ প্ৰভাৱ বিশ্বজুৰি সকলো দেশেই হৈছে। তেওঁ জোৰ দি কয় যে এনে পৰিৱেশত সামৰিক সংঘাতৰ জৰি
प्रधानमंत्री नरेन्द्र मोदी गुरुवार को हैदराबाद हाउस में संवाददाता सम्मेलन को संबोधित करते हुए


নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কয় যে সমগ্ৰ বিশ্বই বৰ্তমান এক গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে, যাৰ প্ৰভাৱ বিশ্বজুৰি সকলো দেশেই হৈছে। তেওঁ জোৰ দি কয় যে এনে পৰিৱেশত সামৰিক সংঘাতৰ জৰিয়তে নহয়, আলোচনা আৰু শান্তিৰ জৰিয়তে সমস্যাৰ সমাধান সম্ভৱপৰ।

ইয়াৰ হায়দৰাবাদ হাউছত অষ্ট্ৰিয়াৰ চ্যান্সেলৰ ক্রিষ্টিয়ান ষ্টকাৰৰ সৈতে যুটীয়া সংবাদমেলত এই মন্তব্য কৰে প্রধানমন্ত্রী মোদীয়ে ৷ তেওঁ কয় যে ভাৰত আৰু অষ্ট্ৰিয়া দুয়োখনেই ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ দৰে স্পৰ্শকাতৰ অঞ্চলত সুস্থিৰ, বহনক্ষম আৰু দীৰ্ঘম্যাদী শান্তিৰ সমৰ্থন কৰে। মোদীয়ে কয় যে ক্ৰমবৰ্ধমান বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ বিশ্ব প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ অতি প্ৰয়োজনীয় আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত দুয়োখন দেশৰ ভাগ-বতৰা দায়বদ্ধতা আছে।

চ্যান্সেলৰ ষ্টকাৰৰ ভাৰত ভ্ৰমণক ঐতিহাসিক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চাৰি দশকৰ পাছত অষ্ট্ৰিয়াৰ এজন চ্যান্সেলৰ ভাৰত ভ্ৰমণ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ২০২৬ চনত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এক নতুন অধ্যায় মুকলি কৰিছে।

মোদীয়ে উল্লেখ কৰে যে এই ভ্ৰমণে বাণিজ্য আৰু বিনিয়োগক নতুন গতি প্ৰদান কৰিব। ভাৰতৰ গতি আৰু পৰিসৰ আৰু অষ্ট্ৰিয়াৰ বিশেষজ্ঞৰ সংমিশ্ৰণেৰে বিশ্বব্যাপী নিৰ্ভৰযোগ্য প্ৰযুক্তি আৰু যোগান শৃংখল গঢ়ি তোলা হ'ব। প্ৰতিৰক্ষা, অৰ্ধপৰিবাহী, কোৱাণ্টাম প্ৰযুক্তি, জৈৱ প্ৰযুক্তি আদি ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা শক্তিশালী কৰা হ’ব। আই আই টি দিল্লী আৰু অষ্ট্ৰিয়াৰ মণ্টজেন বিশ্ববিদ্যালয়ৰ মাজত হোৱা চুক্তি এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০২৩ চনত স্বাক্ষৰিত প্ৰব্ৰজন আৰু গতিশীলতা চুক্তিয়ে নাৰ্চিং খণ্ডত গতিশীলতাক প্ৰসাৰিত কৰিব। দুয়োখন দেশৰ মাজত ষ্টাৰ্টআপ আৰু গৱেষণাৰ সহযোগিতাও শক্তিশালী কৰা হ’ব। তেওঁ ভাৰত-অষ্ট্ৰিয়া ৱৰ্কিং হলিডে প্ৰগ্ৰেম আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে।

মোদীয়ে উল্লেখ কৰে যে অষ্ট্ৰিয়াৰ সুৰংগ নিৰ্মাণৰ বিশেষজ্ঞতাই দিল্লী মেট্ৰ’ আৰু অটল সুৰংগৰ দৰে প্ৰকল্পত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ভাৰতৰ উন্নয়নত সেউজ শক্তি আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰতো অষ্ট্ৰিয়াৰ কোম্পানীসমূহে সক্ৰিয় ভূমিকা পালন কৰি আছে। তেওঁ আস্থা প্ৰকাশ কৰে যে চ্যান্সেলৰ ষ্টকাৰৰ এই ভ্ৰমণে ভাৰত-অষ্ট্ৰিয়াৰ সম্পৰ্কক এক নতুন স্তৰলৈ লৈ যাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande