
গুৱাহাটী, ০৯ মাৰ্চ (হি.স.)। ৰাজ্যসভাৰ অসমৰ তিনিওখন আসনৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে শাসকীয় মিত্ৰজোটৰ তিনিওগৰাকী প্ৰাৰ্থী । ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিজেপিৰ যোগেন মহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্ৰমোদ বড়ো ।
ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সোমবাৰ ৯ মাৰ্চৰ দিনটো মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ তাৰিখ আছিল । যিহেতু প্ৰতিখন আসনৰ বাবে এখনকৈহে মনোনয়নপত্ৰ দাখিল কৰা হৈছিল, সেয়ে, তিনিওকে বিনা প্ৰতিদ্বন্দ্বিতাৰে সোমবাৰে জয়ী ঘোষণা কৰে ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই ৷
উল্লেখ্য যে ১৬ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছিল। একাধিক মনোনয়ন পত্ৰ দাখিল হোৱা হ’লে ধাৰ্য দিন অনুসৰি নিৰ্বাচন অনুষ্ঠিত হ'লহেতেন । এইক্ষেত্ৰত আসন তিনিখনৰ বাবে কেৱল যোগেন মহন, তেৰছ গোৱালা আৰু প্রমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰিছিল, কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছিল । সেয়ে, মনোনয়নপত্ৰ উঠাই লোৱাৰ শেষৰ দিনটোতে বিজেপিৰ দুই প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্রমোদ বড়োৱে বিনা প্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়৷
মন কৰিবলগীয়া যে, অহা মে’ মাহৰ ভিতৰত ৰাজ্যসভাত অসমৰ তিনিখন আসন খালী হ’ব । এই তিনিখন আসনত প্ৰতিনিধিত্ব কৰি আছে বিজেপিৰ ৰামেশ্বৰ তেলী, ভূৱনেশ্বৰ কলিতা আৰু বিৰোধীৰ উমৈহতীয়া প্ৰতিনিধি অজিত কুমাৰ ভূঞাই ৷ কিন্তু ভোটৰ সংখ্যাগত কাৰণ আৰু বিৰোধীৰ অসম বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক সমীকৰণৰ বাবে তিনিওখন আসনতে এন ডি এৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ৷
অৱশেষত সোমবাৰে বিয়লি মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পিছতেই ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বিজেপিৰ দুই প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্রমোদ বড়োৱে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয় ৷ লগতে, তিনিওগৰাকীকে আনুষ্ঠানিকভাৱে অসম বিধানসভা সচিবালয়ত থকা ৰাজ্যসভা নিৰ্বাচনৰ কাৰ্যলয়ত ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে বিজয়ীৰ প্ৰমাণপত্ৰ অৰ্পণ কৰে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া