টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমি ফাইনেলত ইংলেণ্ডৰ বিপক্ষে সৱল স্থিতিত ভাৰত
গুৱাহাটী, ০৫ মাৰ্চ (হি.স.)। মুম্বাইৰ ঐতিহাসিক ৱানখেড়ে ষ্টেডিয়ামত আজি বৃহস্পতিবাৰে টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে দুবাৰৰ বিজয়ী ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে । প্ৰথমে বেট ধৰি টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমি ফ
মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা আইচিচি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল খেলৰ সময়ত ভাৰতৰ সঞ্জু চেমছন আৰু ভাৰতৰ ঈশান কিষাণ।


গুৱাহাটী, ০৫ মাৰ্চ (হি.স.)। মুম্বাইৰ ঐতিহাসিক ৱানখেড়ে ষ্টেডিয়ামত আজি বৃহস্পতিবাৰে টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে দুবাৰৰ বিজয়ী ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে । প্ৰথমে বেট ধৰি টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমি ফাইনেলত ইংলেণ্ডৰ বাবে ২৫৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ইফালে খৱৰ লিখালৈকে মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ১১ অভাৰত ৪ উইকেটত ১৩১ ৰান সংগ্ৰহ কৰিছে ইংলেণ্ডে। খেলপথাৰত আছে জেকব বেথেল আৰু উইল জেকছ।

উল্লেখ্য যে অষ্টম অভাৰৰ তৃতীয় বলত অক্সাৰ পেটেলে টম বেণ্টনক (১৭ ৰান) বল কৰে। পাৱাৰপ্লে’ত বৰুণ চক্ৰৱৰ্তীয়ে জোছ বাটলাৰক (২৫ ৰান) বল কৰে। টি-২০ত বাটলাৰক বৰুণে ষষ্ঠবাৰৰ বাবে আউট কৰে।

৫ম অভাৰৰ প্ৰথমটো বলত জস্প্ৰিত বুমৰাহৰ বলত অক্ষৰ পেটেলে হেৰী ব্ৰুক (৭ ৰান)ৰ কেচ ধৰে । ২৪ মিটাৰ দৌৰি পিছুৱাই যোৱা পইণ্টত কেচটো লয় আক্সাৰে। ইয়াৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াই ফিল ছল্টক (৫ ৰান) প্ৰথমটো বলত কেচ আউট কৰিছিল।

সঞ্জু চেমছনৰ পঞ্চাশ, ভাৰতে ২৫৩/৭ ৰান

ইংলেণ্ডে টছত জয়লাভ কৰি বলিং কৰিবলৈ বাছি লয়। টিম ইণ্ডিয়াই ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৫৩ ৰান সংগ্ৰহ কৰে। সঞ্জু চেমছনে ৮৯ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে শিৱম ডুবেই ৪৩ ৰান সংগ্ৰহ কৰে। ঈশান কিষানে ৩৯ ৰান, হাৰ্দিক পাণ্ডিয়াই ২৭ ৰান আৰু তিলক ভাৰ্মাই ২১ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ উইল জেকছ আৰু আদিল ৰছিদে ২টাকৈ উইকেট দখল কৰে। জোফ্ৰা আৰ্চাৰে এটা উইকেট লাভ কৰে। ২ জন বেটছমেন ৰান আউট হৈছিল।

এই প্ৰতিযোগিতাখনত ষষ্ঠবাৰৰ বাবে দুয়োটা দল মুখামুখি হৈছে । ইয়াৰ পূৰ্বে টি-২০ বিশ্বকাপত ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ বাৰ সংঘৰ্ষ হৈছে আৰু ভাৰতে তিনিবাৰ আৰু ইংলেণ্ডে দুবাৰ জয়লাভ কৰিছে ।

ভাৰতৰ স্কোয়াড

ভাৰতীয় দলটোৰ নেতৃত্বত আছে সূৰ্যকুমাৰ যাদৱ। দলটোত আছে অভিষেক শৰ্মা, সঞ্জু চেমছন, ঈশান কিষাণ, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, আৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৰিংকু সিং, আৰু ৱাশ্বিংটন সুন্দৰৰ দৰে খেলুৱৈ। বেটিং আৰু বলিং দুয়োটা বিভাগতে দলটোৱে ভাৰসাম্য ৰক্ষা কৰা দেখা গৈছে।

ইংলেণ্ডৰ স্কোয়াড

ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুক। দলটোত আছে ফিল ছল্ট, জোছ বাটলাৰ, জেকব বেথেল, টম বেণ্টন, ছেম কাৰাণ, উইল জেকছ, ৰেহান আহমেদ, লিয়াম ড’ছন, জোফ্ৰা আৰ্চাৰ, আদিল ৰছিদ, বেন ডাকেট, লুক উড, জোছ টংগু, জেমী অভাৰটন আদি খেলুৱৈ। ইংলেণ্ড টি-২০ ফৰ্মেটত আক্ৰমণাত্মক শৈলীৰ বাবেও পৰিচিত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande