
বাক্সা, ৩১ মাৰ্চ (হি.স.): বাথৌ মন্দিৰে মন্দিৰে ভকত বৈষ্ণৱৰ আশীষ ল'লে গোৰেশ্বৰৰ ইউপিপিএল প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে । বিধান সভা নিৰ্বাচন বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতাৰ মাজতে প্ৰাৰ্থীগৰাকীয়ে বাথৌ মন্দিৰে মন্দিৰে লৈছে আশীৰ্বাদ গ্ৰহণ কাৰ্যসূচী। নিৰ্বাচনী প্ৰচাৰৰ মাজতে গোৰেশ্বৰৰ বাথৌ মন্দিৰত বড়ো সকলৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠান আৰচত কৰে অংশগ্রহণ কৰে৷
ইপিনে প্ৰাৰ্থী গৰাকীৰ জয় নিশ্চিত বুলি দাবী কৰে গোৰেশ্বৰ বিধান সমষ্টিত। লগতে এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক তীব্ৰ সমালোচনা কৰে। উপৰি গোৰেশ্বৰ সমষ্টিত মুখ্যমন্ত্ৰী প্ৰচাৰ চলালেও হাৰিব বুলি কটাক্ষ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ