অলংকাৰ বজাৰত সোণ–ৰূপৰ দাম হ্ৰাস
নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। মাথোঁ এদিনীয়া লাভৰ পিছত আজি পুনৰবাৰ ঘৰুৱা অলংকাৰ বজাৰত নিম্নগামী ধাৰা দেখা গৈছে। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৯৭০ টকাৰ পৰা ২,১৪০ টকাৰ ভিতৰত হ্ৰাস পাইছে। আনহাতে ৰূপৰ ক্ষেত্ৰত প্ৰতি কিলোগ্ৰামত ২০০ ₹ৰ যথেষ্ট হ্ৰাস পোৱা গ
प्रतीकात्मक


নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। মাথোঁ এদিনীয়া লাভৰ পিছত আজি পুনৰবাৰ ঘৰুৱা অলংকাৰ বজাৰত নিম্নগামী ধাৰা দেখা গৈছে। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৯৭০ টকাৰ পৰা ২,১৪০ টকাৰ ভিতৰত হ্ৰাস পাইছে। আনহাতে ৰূপৰ ক্ষেত্ৰত প্ৰতি কিলোগ্ৰামত ২০০ ₹ৰ যথেষ্ট হ্ৰাস পোৱা গৈছে। এই মূল্য হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ বেছিভাগ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৪৪,৫৪০ টকাৰ পৰা ১,৪৪,৬৯০ টকাৰ ভিতৰত চলি আছে। ইফালে ২২ কেৰেট সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৩২,৪৯০ টকাৰ পৰা ১,৩২,৬৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৪৯,৯০০ টকাত বিক্ৰী কৰা হৈছে।

দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৬৯০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩২,৬৪০ টকা ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৪৪,৫৪০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,৪৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৫৯০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩২,৫৪০ টকা ৰেকৰ্ড কৰা হৈছে।

এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৪,৫৪০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৩২,৪৯০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৪,৫৪০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,৪৯০ টকাত ব্যৱসায় কৰা হৈছে। ভূপালত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৪,৫৯০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,৫৪০ টকাত বিক্ৰী হৈছে।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৪,৬৯০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৩২,৬৪০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দাম ১,৪৪,৫৯০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩২,৫৪০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৪,৬৯০ টকা আৰি প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণৰ মূল্য ১,৩২,৬৪০ টকা।

দেশৰ আন ৰাজ্যৰ দৰেই কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য হ্ৰাসৰ ধাৰা দেখুৱাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৫৪০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩২,৪৯০ টকাত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande