
নতুন দিল্লী, ১৮ মাৰ্চ (হি.স.)। এফ আই এইচ মহিলা হকী বিশ্বকাপ ২০২৬ৰ বাবে অৰ্হতা নিশ্চিত কৰাৰ পিছত মঙলবাৰে সন্ধিয়া প্ৰতিযোগিতাৰ ড্ৰ’ ঘোষণাৰ পিছতে ভাৰতীয় মহিলা হকী দলটোৱে এই বৃহৎ ইভেণ্টৰ বাবে প্ৰস্তুতি চলাইছে। চলিত বৰ্ষৰ আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক প্ৰতিযোগিতাখনৰ বাবে ইংলেণ্ড, চীন আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰতীয় দলটোক পুল ডিত স্থান দিয়া হৈছে।
এই গ্ৰুপৰ সৰ্বোচ্চ ৰেংকিঙৰ দল চীন, বৰ্তমান বিশ্বৰ চতুৰ্থ স্থানত আছে। শেহতীয়াকৈ ভাৰতৰ প্ৰতিদ্বন্দ্বী তথা এফ আই এইচ হকী বিশ্বকাপ ২০২৬ কোৱালিফায়াৰ (হায়দৰাবাদ, তেলেংগানা)ৰ বিজয়ী ইংলেণ্ডৰ স্থান ষষ্ঠ, আনহাতে ভাৰত আৰু দক্ষিণ আফ্ৰিকা ক্ৰমে নৱম আৰু ঊনবিংশ স্থানত আছে। তেওঁলোকৰ বহু পৰিমাণে পৃথক খেল শৈলীৰে এই গোটটোৱে ভাৰতীয় দলৰ বাবে এক ৰোমাঞ্চকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। আগন্তুক কঠিন প্ৰত্যাহ্বানসমূহ বিবেচনা কৰিলে মুখ্য প্ৰশিক্ষক শ্বোয়াৰ্ড মেৰিজনে আত্মবিশ্বাসী যে তেওঁৰ দলটোৱে নিজৰ হকী শৈলী ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰিব পাৰিব।
হকী ইণ্ডিয়াই জাৰি কৰা এক বিবৃতিত মাৰিজনেই কয় যে এইটো এটা অতি প্ৰতিযোগিতামূলক আৰু সুষম পুল। ইংলেণ্ড আৰু চীনৰ দৰে দলে বিভিন্ন শৈলী আৰু অভিজ্ঞতাৰ সমৃদ্ধি আনে, আনহাতে দক্ষিণ আফ্ৰিকাৰ মহিলা ৰাষ্ট্ৰীয় হকী দলটো সদায় অভাৱনীয় আৰু নিজৰ দিনত অত্যন্ত বিপজ্জনক হ’ব পাৰে।
তেওঁ কয়, আমাৰ বাবে কথাটো ড্ৰ'ৰ কথা নহয়; আমি খেলপথাৰত কেনেদৰে প্ৰদৰ্শন কৰো সেইটোহে ডাঙৰ কথা। বিশ্বকাপত প্ৰতিখন মেচতে নিজৰ শ্ৰেষ্ঠত্ব দিব লাগিব। আমি সকলো বিপক্ষ দলকে সন্মান কৰো, কিন্তু আমাৰ মনোযোগ আমাৰ শৈলীৰ হকীক ধাৰাবাহিকতা আৰু সাহসেৰে খেলাত।
শেহতীয়াকৈ তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত এফ আই এইচ হকী বিশ্বকাপ ২০২৬ কোৱালিফায়াৰত ভাৰতে দ্বিতীয় স্থান দখল কৰিছে। অৱশ্যে ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হয়। এই পৰাজয়ৰ পিছতো দলটোৰ বাবে বহু ইতিবাচক দিশ দেখা গ’ল। দলটোৱে দ্বিতীয় সৰ্বাধিক স্ক’ৰ (১১) হিচাপে প্ৰতিযোগিতাখন সমাপ্ত কৰে, ইয়াৰে ৬টা পেনাল্টি কৰ্ণাৰৰ পৰা আহিছিল।
প্ৰতিযোগিতাখনৰ বিষয়ে চিন্তা কৰি প্ৰশিক্ষকে দলটোক নিৰন্তৰ উন্নতি আৰু ধাৰাবাহিকতা বজাই ৰাখিবলৈ উৎসাহিত কৰে, খেলপথাৰৰ দুয়ো মূৰত নিজৰ নিখুঁততাক গুৰুত্ব দিয়ে। তেওঁ কয়, আমি আগলৈ ভাল প্ৰদৰ্শন কৰিছো, কিন্তু আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমাৰ সুযোগক গ'ললৈ ৰূপান্তৰিত কৰাত মনোনিৱেশ কৰা, সেয়া ফিল্ড গ'ল হওক বা পেনাল্টি কৰ্ণাৰ হওক। তদুপৰি আমি আমাৰ ডিফেন্সিভ কৌশলৰ ওপৰত কাম কৰি যাব লাগিব।
প্ৰতিযোগিতাখনৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰি শ্বোয়াৰ্ড মাৰিজেনে কয়, আমাৰ আমেৰিকা আৰু আৰ্জেণ্টিনা ভ্ৰমণ, নিউজিলেণ্ডত নেচনছ কাপ, আৰু জাৰ্মানীত অনুশীলন মেচ আছে। আমি নেদাৰলেণ্ডতো কিছুমান মেচ খেলিম। এই নিৰ্ধাৰিত মেচসমূহে আমাৰ শিবিৰৰ সৈতে মিলি আমাক বিশ্বকাপ আৰু এছিয়ান গেমছৰ বাবে প্ৰস্তুতি চলাবলৈ মেচ আৰু প্ৰশিক্ষণৰ অতি ভাল মিশ্ৰণ প্ৰদান কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া