
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত গৰ্ভাৱস্থাৰ উৰাবাতৰিৰ বাবে অভিনেত্ৰী নীনা গুপ্তাই নিজকে বাতৰিৰ শিৰোনামা দখল কৰিছিল। ৬৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে হায়দৰাবাদৰ এক অনুষ্ঠানত সাধাৰণ সাজ-পোছাক পিন্ধি উপস্থিত হয়, য’ত তেওঁ ৰশ্মিকা মণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডাৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনলাইনত তেওঁৰ ফটো আৰু ভিডিঅ’ ওলাইছিল, যাৰ ফলত তেওঁ গৰ্ভৱতী বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।
বাৰ্তালাপৰ সময়ত নীনা গুপ্তাই এই উৰাবাতৰিৰ প্ৰতি সঁহাৰি জনাইছিল নিজৰ বৈশিষ্ট্যপূৰ্ণ হাস্যৰসেৰে। তাই ক'লে, মই মাত্ৰ এটা বাস্তৱ জীৱনৰ 'বধাই হো' বিচাৰো। কিন্তু তেনেকুৱা একো নাই মই গৰ্ভৱতী নহয়। অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে অনুষ্ঠানৰ সময়ত তেওঁ ডাঠ চালৰ শাৰী পিন্ধিছিল, যাৰ বাবে ফটোসমূহত তেওঁৰ ওজন অলপ বেছি হোৱা যেন দেখা গৈছিল।
ছ’চিয়েল মিডিয়াৰ জল্পনা-কল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নীনাই এইটোও কয় যে এই বয়সত তেওঁৰ গৰ্ভাৱস্থাক কেন্দ্ৰ কৰি হোৱা আলোচনাক তেওঁ আকৰ্ষণীয় বুলি বিবেচনা কৰে। তাইৰ মতে, ইয়াৰ পৰাও বুজা যায় যে সমাজখন বহু বিষয়ত পৰিৱৰ্তিত হৈ আছে। অৱশ্যে এই উৰাবাতৰিৰ কোনো সত্যতা নাই বুলি স্পষ্ট কৰি দিয়ে নীনাই ।
কৰ্মক্ষেত্ৰত শেহতীয়াকৈ ২০২৬ চনৰ ৬ ফেব্ৰুৱাৰীত মুক্তি পোৱা বধ ২ ছবিখনত দেখা গৈছিল নীনা গুপ্তাক ।
हिन्दुस्थान समाचार / অৰৱিন্দ