
শতবৰ্ষৰ কাৰ্যসূচী, সামাজিক প্ৰত্যাহ্বান আৰু সাংগঠনিক সম্প্ৰসাৰণৰ বিষয়ে হ'ব আলোচনা
সমলখা (পানীপথ), ১২ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ অখিল ভাৰতীয় প্ৰতিনিধি সভা কাইলৈৰ পৰা অৰ্থাৎ ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ হাৰিয়ানাৰ পানীপথৰ সমীপৰ সমলখাৰ মাধৱ সৃষ্টি চৌহদত অনুষ্ঠিত হ’ব৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্ববৃহৎ সিদ্ধান্ত গ্ৰহণৰ বাবে অখিল ভাৰতীয় প্ৰতিনিধি সভাতে নিৰ্ধাৰণ কৰা হয়।
তিনিদিনীয়া অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ বৈঠকত সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আৰু সংঘৰ বিবিধ সংগঠনৰ মুঠ ১৪৮৭ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে। অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে জনোৱা মতে ১৩ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা সৰসংঘচালক ডা০ মোহন ভাগৱত আৰু সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালেৰ উপস্থিতিত প্ৰতিনিধি সভা আৰম্ভ হ’ব।
বৈঠকত সংঘৰ অখিল ভাৰতীয় অধিকাৰী, ক্ষেত্ৰ আৰু প্ৰান্ত সংঘচালক, কাৰ্যবাহ, প্ৰচাৰক আৰু সংঘৰ বিবিধ ৩২ টা সংগঠনৰ শীৰ্ষ অধিকাৰী সকল উপস্থিত থাকিব। উল্লেখ্য, সম্প্ৰতি সমগ্ৰ দেশতে সংঘৰ শতবাৰ্ষিকী কাৰ্যসূচী চলি আছে। বৈঠকত শতবৰ্ষৰ কাৰ্যসূচী সমূহ পৰ্যালোচনা কৰি ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ বিষয়ে আলোচনা কৰা হ’ব।
সংঘৰ শতবাৰ্ষিকীত ঘৰে ঘৰে চলা অভিযানৰ জৰিয়তে সমগ্ৰ দেশৰ ১০ কোটিতকৈও অধিক পৰিয়ালক সম্পৰ্ক কৰা হৈছে। অনাগত দিনত বাকী থকা প্ৰদেশ সমূহত এই অভিযান অব্যাহত থাকিব বুলি প্ৰচাৰ প্ৰমুখ গৰাকীয়ে জানিবলৈ দিছে। প্ৰতিনিধি সভাৰ বৈঠকত সন্ত শিৰোমণি ৰবিদাস জীৰ ৬৫০ সংখ্যক জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰা হ’ব।
অহা বছৰৰ ১ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ সমগ্ৰ দেশতে চলিবলগীয়া এই কাৰ্যসূচী সমূহ সামাজিক সম্প্ৰীতিৰ বাৰ্তাৰে আয়োজন কৰা হ’ব। ১৫ মাৰ্চত অৰ্থাৎ বৈঠকৰ অন্তিম দিনা সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোসবালেই সভাত গ্ৰহণ কৰা সিদ্ধান্ত আৰু সংকল্পৰ বিশদ বিৱৰণ দিব ৷
আনহাতে, প্ৰতিনিধি সভাত সমসাময়িক সামাজিক বিষয় সমূহৰ ওপৰতো আলোচনা কৰা হ’ব। তদুপৰি, দেশৰ বিভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তা সকলে নিজ নিজ অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক অভিজ্ঞতা সমূহ ভাগ-বতৰা কৰিব। অভিজ্ঞতাৰ ভিত্তিত বৰ্তমানৰ সামাজিক প্ৰত্যাহ্বান আৰু পৰিস্থিতিৰ বিষয়েও আলোচনা কৰা হ’ব।সংঘৰ বিবিধ সংগঠনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়া সকলে বিশেষ আমন্ত্ৰিত হিচাপে সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত বিশ্ব হিন্দু পৰিষদৰ অধিবক্তা আলোক কুমাৰ আৰু মিলিন্দ পাৰাণ্ডে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ড° ৰঘুৰাজ কিশোৰ আৰু আশীষ চৌহান, সেৱিকা সমিতিৰ শন্তাকা জী আৰু এ সীতা, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নীতিন নৱিনৰ লগতে ভাৰতীয় কিষাণ সংঘ আৰু ভাৰতীয় মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি সকলেও অংশগ্ৰহণ কৰিব ৷
এই বৈঠকত সাংগঠনিক সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰা হ’ব। বিগত এটা বছৰত সমগ্ৰ দেশতে ৫৫০০ৰো অধিক নতুন শাখা আৰম্ভ কৰা হৈছে। তদুপৰি, ডিজিটেল প্লেটফৰ্মত সংঘত যোগদানৰ আগ্ৰহ দিনক দিনে বাঢ়ি আহিছে। প্ৰতি বছৰে প্ৰায় ১.২৫ লাখ লোকে জইন আৰএছএছ ৰ জৰিয়তে যোগদানৰ ইচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷
আনহাতে, শতবাৰ্ষিকীত সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীও ব্যাপক হ’ব। এইবাৰ সমগ্ৰ দেশতে ৯৭টা প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ’ব। ইফালে, অখিল ভাৰতীয় প্ৰতিনিধি সভাত অসম ক্ষেত্ৰৰ মুঠ ১১ গৰাকী অধিকাৰী আৰু উত্তৰ অসম প্ৰান্তৰ মুঠ ৪৫ গৰাকী অধিকাৰীয়ে অংশগ্ৰহণ কৰিব ৷ মাধৱ সৃষ্টি চৌহদত প্ৰতিনিধি সকলৰ বাবে এক বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ