
নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ সমাপ্ত হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে খেলুৱৈসকলৰ বাবে আবণ্টিত মুঠ ১.১২৫ কোটি মাৰ্কিন ডলাৰৰ চূড়ান্ত বিতৰণৰ কথা ঘোষণা কৰিছে। প্ৰতিযোগিতাখনত বিজয়ী দল ভাৰতীয় ক্ৰিকেট দলটোৱে সকলো দলৰ ভিতৰত সৰ্বোচ্চ ২৬,৩৯,৪২৩ আমেৰিকান ডলাৰ (প্ৰায় ২৬.৩৯ লাখ ডলাৰ) লাভ কৰে।
সমগ্ৰ প্ৰতিযোগিতাখনত টিম ইণ্ডিয়াই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই খিতাপ জয় কৰাৰ লগতে পুৰস্কাৰৰ ধনৰ তালিকাতো শীৰ্ষস্থান দখল কৰে। ৰানাৰ্ছ আপ নিউজিলেণ্ডে ১৪,২২,৬৯২ মাৰ্কিন ডলাৰ লাভ কৰাৰ বিপৰীতে তৃতীয় স্থানৰ দক্ষিণ আফ্ৰিকাই ১০,০৫,৫৭৭ মাৰ্কিন ডলাৰ লাভ কৰে।
প্ৰতিটো দলে বেচ পেমেণ্ট লাভ কৰিছিল
আইচিচিৰ মতে, প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিটো দলে ২ লাখ ২৫ হাজাৰ ডলাৰৰ ভিত্তি পেমেণ্ট লাভ কৰিছিল। তেওঁলোকৰ প্ৰদৰ্শন, মেচ জয়, আৰু বিভিন্ন পৰ্যায়ৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত ধন প্ৰদান কৰা হৈছিল।
ভাৰতৰ আধিপত্য
এইবাৰ প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰদৰ্শন ব্যতিক্ৰমী আছিল। দলটোৱে গ্ৰুপ পৰ্যায়ৰ পৰা নকআউট পৰ্যায়লৈকে ধাৰাবাহিকভাৱে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰি খিতাপ জয় কৰি ইতিহাসৰ সৃষ্টি কৰে। এই আকৰ্ষণীয় প্ৰদৰ্শনৰ ফলত খেলুৱৈসকলে সৰ্বাধিক পুৰস্কাৰৰ ধন লাভ কৰে।
অন্য দলসমূহে লাভ কৰা ধনৰাশি
চতুৰ্থ স্থান দখল কৰা ইংলেণ্ড ক্ৰিকেট দলটোৱে লাভ কৰে ৯,৭৪,৪২৩ ডলাৰ। ইয়াৰ পিছতে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল (৫,৩৮,২৬৯), পাকিস্তান (৫,২২,৬৯২), আৰু জিম্বাবুৱে (৪,৯১,৫৩৮)। ইয়াৰ উপৰিও শ্ৰীলংকাৰ ক্ৰিকেট দল, আফগানিস্তান ক্ৰিকেট দল, অষ্ট্ৰেলিয়া ক্ৰিকেট দল, আমেৰিকাৰ ক্ৰিকেট দলকে ধৰি অন্যান্য দলসমূহেও তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত পুৰস্কাৰৰ ধন লাভ কৰিছিল। এইদৰে ভাৰতে কেৱল টি-২০ বিশ্বকাপৰ ট্ৰফী লাভ কৰাই নহয়, সৰ্বাধিক পুৰস্কাৰৰ ধনো ঘৰলৈ লৈ গ’ল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া