
কাঠমাণ্ডু, ১০ মাৰ্চ (হি.স.)। নেপালত ৫ মাৰ্চৰ নিৰ্বাচনত সমানুপাতিক (পি আৰ) নিৰ্বাচনী ব্যৱস্থাৰ অধীনত এতিয়ালৈকে ১০,৪২৪,৫২৭টা ভোট গণনা কৰা হৈছে। ১৬৪টা সমষ্টিৰ ফলাফল ঘোষণা কৰাৰ বিপৰীতে বিবাদৰ বাবে ধনুষা-১ সমষ্টিৰ ফলাফল এতিয়াও ৰাজহুৱা হোৱা নাই।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সৰ্বাধিক ৫,০০৩,১৬৮টা ভোট লাভ কৰি ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে লাভ কৰে। নেপালী কংগ্ৰেছে ১,৬৯৩,০৯১টা ভোট লাভ কৰাৰ বিপৰীতে চিপিএন-ইউএমএলে ১,৪১১,৮৬৩টা ভোট লাভ কৰে। একেদৰে নেপাল কমিউনিষ্ট পাৰ্টিয়ে লাভ কৰে ৭৬৭,৬২১টা ভোট। শ্ৰামিক সাংস্কৃতিক পাৰ্টিয়ে ৩৫৮,৩১৭ টা ভোট লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিয়ে ৩২৪,৯০৯ টা ভোট লাভ কৰে। আন আন দলসমূহৰ ভিতৰত জনতা সমাজবাদী পাৰ্টি নেপাল (জে এছ পি)ৰ ১৭১,৬৯৭টা, ৰাষ্ট্ৰীয় পৰিৱৰ্তন পাৰ্টিয়ে ১৬৬,৪৪৭টা ভোট আৰু জনমত পাৰ্টিয়ে ৭৬,৫৪২টা ভোট লাভ কৰে।
আনুপাতিক নিৰ্বাচন ব্যৱস্থাৰ অধীনত এতিয়াও গণনা চলি আছে। সমানুপাতিক নিৰ্বাচনত কমেও তিনি শতাংশ ভোট লাভ কৰি প্ৰত্যক্ষ নিৰ্বাচনত কমেও এখন আসন লাভ কৰা দলেইহে আনুপাতিক আসনৰ অংশীদাৰিত্বৰ অধিকাৰী। প্ৰত্যক্ষ নিৰ্বাচনী ব্যৱস্থাৰ অধীনত আৰ এছ পিয়ে ১২৫খন আসন লাভ কৰিছে। নেপালী কংগ্ৰেছে ১৮খন, চিপিএন-ইউএমএলে ৯খন, আৰু নেপাল কমিউনিষ্ট পাৰ্টিয়ে ৭খন আসন লাভ কৰে। শ্রমিক সাংস্কৃতিক দলে তিনিখন আসন লাভ কৰাৰ বিপৰীতে ৰাষ্ট্রীয় প্রজাতন্ত্র পাৰ্টি আৰু এজন নির্দলীয় প্রার্থীয়ে এখনকৈ আসন লাভ কৰে ৷
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া