
- সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতত যোগাযোগ বিষয়া নিয়োগ কৰিব গ্ৰীচৰ
নতুন দিল্লী, ০৯ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত ভ্ৰমণলৈ অহা গ্ৰীচৰ প্ৰতিৰক্ষা মন্ত্ৰী নিকোলাওছ-জৰ্জিঅ’ছ ডেণ্ডিয়াছে সোমবাৰে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে সাক্ষাৎ কৰে। ভাৰত আৰু গ্ৰীচৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে যৌথ ঘোষণাপত্ৰত স্বাক্ষৰ কৰাৰ লগতে ২০২৬ বৰ্ষৰ বাবে দ্বিপাক্ষিক সামৰিক সহযোগিতা পৰিকল্পনাৰ আদান-প্ৰদান কৰে।
নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাৰ সময়ত দুয়োগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে পুনৰ কয় যে ভাৰত-গ্ৰীচৰ কৌশলগত অংশীদাৰিত্ব শান্তি, স্থিতিশীলতা, স্বাধীনতা, আৰু পাৰস্পৰিক সন্মানৰ ভাগ-বতৰা মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ভাৰতৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘এজেণ্ডা ২০৩০’ৰ অধীনত হেলেনিক প্ৰতিৰক্ষা সংস্কাৰৰ অংশীদাৰিত্বৰ জৰিয়তে দুয়োখন দেশে নিজ নিজ প্ৰতিৰক্ষা উদ্যোগৰ সামৰ্থ্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত আৰু গ্ৰীচে প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যৌথ চুক্তি স্বাক্ষৰ কৰি পাঁচ বছৰীয়া ৰোডমেপ প্ৰস্তুত কৰাৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে স্বাক্ষৰ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীসকলে অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰি দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আৰু কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। দুয়োখন দেশে ২০২৬ চনৰ বাবে দ্বিপাক্ষিক সামৰিক সহযোগিতা পৰিকল্পনাও ভাগ কৰিছিল, য’ত দুয়োখন সামৰিক বাহিনীৰ মাজত সামৰিক সংযোগৰ পথৰ ৰূপৰেখা দাঙি ধৰা হৈছিল। দীৰ্ঘদিনীয়া সামুদ্ৰিক ৰাষ্ট্ৰ দুখনে বিভিন্ন জৰুৰী সামুদ্ৰিক বিষয়ত অভিসৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। দুয়োখন সামুদ্ৰিক ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে গ্ৰীচে গুৰুগ্ৰামৰ তথ্য সংযোজন কেন্দ্ৰ-ভাৰত মহাসাগৰ অঞ্চলত এজন যোগাযোগ বিষয়া নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।
বৈঠকৰ পূৰ্বে গ্ৰীচৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত পুষ্প অৰ্পণ কৰি জাতি সেৱাত সৰ্বোচ্চ ত্যাগ কৰা সাহসী সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে তেওঁ মানেক্সা চেণ্টাৰত ট্ৰাই চাৰ্ভিচ গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে। থকাৰ সময়ছোৱাত হেলেনিক প্ৰতিনিধি দলটোৱে বেংগালুৰু ভ্ৰমণ কৰি নতুন দিল্লীত প্ৰতিৰক্ষা উদ্যোগ আৰু ষ্টাৰ্ট-আপ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰে। এই ভ্ৰমণে ভাৰত আৰু হেলেনিক গণৰাজ্যৰ মাজৰ কৌশলগত অংশীদাৰিত্বক পুনৰ দৃঢ়তা প্ৰদান কৰিছে, যিটো দুয়োখন দেশ আৰু জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া আৰু ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। মন কৰিবলগীয়া যে গ্ৰীচৰ চৰকাৰী নাম হেলেনিক ৰিপাব্লিক, আৰু হেলেনিক ৰিপাব্লিক শব্দটোৰ অৰ্থ হৈছে গ্ৰীক ৰিপাব্লিক।
हिन्दुस्थान समाचार / অৰৱিন্দ