
নতুন দিল্লী, ০৭ ফেব্ৰুৱাৰী (,হি.স.)। ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ ৰূপৰেখা ঘোষণা সন্দৰ্ভত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে মাৰ্চ মাহৰ মাজভাগত এই চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ভাৰতীয় কৃষি সামগ্ৰী শুল্ক বিহীন ভাৱে আমেৰিকালৈ ৰপ্তানি কৰা হ’ব, আনহাতে ভাৰতত আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰ কোনো শুল্ক ৰেহাই দিয়া নহ’ব।
সাংবাদিকক সম্বোধন কৰি গোৱেলে স্পষ্ট কৰি দিয়ে যে এই চুক্তিৰ জৰিয়তে জিনীয় পৰিৱৰ্তিত (জি এম) খাদ্য ভাৰতত প্ৰৱেশৰ অনুমতি নাই। তেওঁ কয় যে এই চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে ৩০ ট্ৰিলিয়ন ডলাৰ (প্ৰায় ২৭.১৮ লাখ কোটি টকা) মূল্যৰ বজাৰ মুকলি হ’ব। এই চুক্তিৰ অধীনত ভাৰতে আগন্তুক পাঁচ বছৰত আমেৰিকাৰ পৰা ৫০ বিলিয়ন ডলাৰ (৪৫ লাখ ৩০ হাজাৰ কোটি টকা) মূল্যৰ সামগ্ৰী ক্ৰয় কৰিবলৈ সন্মত হৈছে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ অধীনত আপেলৰ ওপৰত কোটাভিত্তিক শুল্ক ৰেহাই আমেৰিকাক প্ৰদান কৰিছে, একে সময়তে ঘৰুৱা আপেল খেতিয়কসকলৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিছে। ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ অধীনত ভাৰতে প্ৰতি কিলোগ্ৰামত নূন্যতম আমদানি মূল্য (এমআইপি) ₹৮০ আৰু আমেৰিকাৰ পৰা আমদানি কৰা আপেলৰ ওপৰত ২৫% আমদানি শুল্ক আৰোপ কৰিছে। ইয়াৰ কাৰ্যকৰী অৰ্থ হ’ল প্ৰতি কিলোগ্ৰামত ১০০ ₹তকৈ কম মূল্যৰ আপেল আমেৰিকাৰ পৰা আমদানি কৰিব নোৱাৰিব।
গোৱেলে কয় যে, দেশত কৃষকৰ স্বাৰ্থৰ বিৰোধী কিছুমান লোক আছে। জনসাধাৰণক বিপথে পৰিচালিত কৰে। ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিত দেশৰ কৃষকৰ স্বাৰ্থৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা হোৱা নাই বুলি দেখি তেওঁলোকে আচৰিত হয়। কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীয়ে উল্লেখ কৰে যে এই চুক্তিৰ অধীনত আমেৰিকালৈ ভাৰতীয় ৰপ্তানিৰ ওপৰত ৫০% শুল্ক মাত্ৰ ১৮% লৈ হ্ৰাস কৰা হ’ব।
তেওঁ কয় যে ১৮% শুল্ক আমাৰ সকলো চুবুৰীয়া দেশ আৰু আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা আন দেশসমূহে আৰোপ কৰা শুল্কতকৈ কম, আৰু ইয়াৰ ফলত ভৱিষ্যতে আমাৰ আৰু আমাৰ ৰপ্তানিকাৰকসকলৰ বহুখিনি লাভ হ’ব। আমাৰ ৰপ্তানিকাৰকসকলে আমেৰিকালৈ পঠিয়ালে এতিয়া বহু সামগ্ৰীৰ শুল্কহীন হৈ পৰিব ।
উল্লেখযোগ্য যে ভাৰত আৰু আমেৰিকাই শুকুৰবাৰে অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ ৰূপৰেখা প্ৰকাশ কৰে। ইয়াৰ অধীনত ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ কৰ ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে, য’ত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫% কৰ অন্তৰ্ভুক্ত কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ