এছিয়ান চেম্পিয়নশ্বিপ ২০২৬ : ১০ মিটাৰ এয়াৰ ৰাইফলত ইলাভেনিলৰ স্বৰ্ণ, মেঘনাৰ ব্ৰঞ্জৰ পদক অৰ্জন
নতুন দিল্লী, ০৭ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতৰ তাৰকা শ্বুটাৰ ইলাভেনিল ভেলাৰিভানে এছিয়ান চেম্পিয়নশ্বিপ ২০২৬ত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি খিতাপ অক্ষুণ্ণ ৰাখিছে। শনিবাৰে নতুন দিল্লীৰ ডাঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হোৱা
भारत की स्टार निशानेबाज़ एलावेनिल वलारिवन


নতুন দিল্লী, ০৭ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতৰ তাৰকা শ্বুটাৰ ইলাভেনিল ভেলাৰিভানে এছিয়ান চেম্পিয়নশ্বিপ ২০২৬ত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি খিতাপ অক্ষুণ্ণ ৰাখিছে। শনিবাৰে নতুন দিল্লীৰ ডাঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হোৱা একেটা ইভেণ্টতে মেঘনা সজ্জনাৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

ইলাভেনিলে ২৫২.০ স্ক’ৰেৰে ফাইনেলত শীৰ্ষস্থান দখল কৰে। জাপানৰ মিছাকি নোবাটাই ২৫১.৫ পইন্টেৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে মেঘনা সাজ্জানাৰে ২২৯.৫ পইন্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত এছিয়ান চেম্পিয়নশ্বিপত এলাভেনিলৰ এয়া তৃতীয়টো স্বৰ্ণ পদক।

ভাৰতীয় আৰ্য্য বৰছে (২০৯.০)ও ফাইনেলত প্ৰৱেশ কৰে যদিও পদকৰ পৰা বঞ্চিত হৈ চতুৰ্থ স্থান দখল কৰে।

অৰ্হতা ৰাউণ্ডত ইলাভেনিল (৬৩৩.৭), আৰ্য্য বৰ্চে (৬৩০.৩), আৰু মেঘনা সজ্জনাৰ (৬২৮.৬)ৰ দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰি ভাৰতক দলীয় স্বৰ্ণ পদক লাভ কৰে। তেওঁলোকৰ সংযুক্ত স্ক’ৰ ১৮৯২.৬ এই ইভেণ্টত সৰ্বোত্তম।

শ্ৰেয়া আগৰৱালা (৬৩২.০) আৰু সোণম উত্তম মাস্কৰে (৬৩১.৯)ও অৰ্হতা ৰাউণ্ডত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়। শ্ৰেয়াই তৃতীয় আৰু সোণম চতুৰ্থ স্থান দখল কৰে যদিও ৰেংকিং পইণ্টৰ বাবে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল।

এছিয়ান চেম্পিয়নশ্বিপৰ এই সংস্কৰণত ভাৰতে এতিয়ালৈকে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। ছিনিয়ৰ শাখাত ভাৰতীয় শ্বুটাৰসকলে ৬টা স্বৰ্ণ, তিনিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি পদকৰ সংখ্যাত ভাৰতৰ শক্তিশালী স্থান অক্ষুণ্ণ ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande