

নতুন দিল্লী, ০৭ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ ৰূপৰেখা প্ৰকাশ পোৱাৰ পিছতে শনিবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে কয় যে ই আমাৰ অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান গভীৰতা, আস্থা আৰু গতিশীলতাক প্ৰতিফলিত কৰে। এই চুক্তিয়ে কৃষকৰ কোনো ক্ষতি নকৰে আৰু কৃষিজাত সামগ্ৰীয়ে আমেৰিকালৈ শূন্য শুল্কত উপলদ্ধ কৰাব।
ইয়াত এখন সংবাদমেলত গোৱেলে আমেৰিকাৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত ভাৰত চৰকাৰৰ স্থিতি দাঙি ধৰি কয় যে এই চুক্তিখন দেশৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব। বৃহৎ সংখ্যক মহিলা আৰু যুৱক-যুৱতীক নিয়োগ কৰা এম এছ এম ইৰ বাবে এই চুক্তি এক ডাঙৰ পদক্ষেপ। গোৱেলে কয় যে চাহ আৰু কফিৰ পৰা আৰম্ভ কৰি স্মাৰ্টফোন, কল, পেঁপা, আমলৈকে সকলোতে শূন্য শুল্ক আৰোপ কৰা হ'ব।
গোৱেলে কয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুয়োখন দেশৰ সম্পৰ্কৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব আৰোপ কৰি দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনা কৰে। সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আজি সোণালী আখৰেৰে লিখা হ'ব... অনাগত দিনত আমাৰ ৰপ্তানিকাৰকসকলৰ বাবে সুযোগ মুকলি হ'ব। আমাৰ কৃষকৰ স্বাৰ্থ যিদৰে সুৰক্ষিত কৰা হৈছে, কৃষক আৰু দুগ্ধ পালকসকলক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হৈছে... এই চুক্তিক চুক-কোণে আদৰণি জনোৱা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতে আমেৰিকাৰ পৰা আপেল আমদানিৰ ক্ষেত্ৰত কোটা ভিত্তিক শুল্ক ৰেহাই প্ৰদান কৰিব, য’ত প্ৰতি কিলোগ্ৰামত নূন্যতম আমদানিৰ মূল্য ₹৮০ হ’ব। ভাৰতে আমেৰিকাক মদ্যপান, প্ৰসাধন সামগ্ৰী, চিকিৎসা সঁজুলি আদি খণ্ডত শুল্ক ৰেহাই প্ৰদান কৰিছে। আমেৰিকাৰ সৈতে হোৱা চুক্তিয়ে কৃষক, এম এছ এম ই, আৰু হস্তশিল্প খণ্ডৰ স্বাৰ্থত কোনো প্ৰভাৱ পেলাব নোৱাৰে।
বাণিজ্য মন্ত্ৰীগৰাকীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে আমেৰিকাক কোনো ধৰণৰ দুগ্ধজাত সামগ্ৰী, চেনি, বা মোটা শস্যৰ ওপৰত কোনো শুল্ক ৰেহাই দিয়া নাই। ভাৰতে আমেৰিকাক মদ্যপান, প্ৰসাধন সামগ্ৰী, চিকিৎসা সঁজুলি আদি খণ্ডত শুল্ক ৰেহাই প্ৰদান কৰিছে। আমেৰিকাৰ সৈতে হোৱা চুক্তিয়ে কৃষক, এম এছ এম ই, আৰু হস্তশিল্প খণ্ডৰ স্বাৰ্থত কোনো প্ৰভাৱ পেলাব নোৱাৰে। এই চুক্তিয়ে ভাৰতীয় কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰে। ভাৰতত আমাৰ কৃষকসকলে উৎপাদিত শস্যৰ শুল্ক আমেৰিকাত শূন্য হ’ব। তদুপৰি আন কেইবাটাও বস্তু আছে যিবোৰৰ ওপৰত আমেৰিকাইও শুল্ক শূন্য কৰিব। গোৱেলে কয় যে জেনেৰিক ঔষধ আৰু অটো পাৰ্টছৰ ওপৰতো শুল্ক আমেৰিকাই শূন্য কৰিব।
গোৱেলে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত ৫০০ বিলিয়ন ডলাৰ (প্ৰায় ৪৫.২৮ লাখ কোটি টকা) বাণিজ্যিক চুক্তিৰ বাবে অন্তৱৰ্তীকালীন কাঠামোৰ ওপৰত সহমতত উপনীত হৈছে। এই চুক্তিয়ে দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সূত্ৰপাত কৰাই নহয়, ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে আমেৰিকাৰ বজাৰত নিজৰ স্থান বৃদ্ধিৰ এক বৃহৎ সুযোগো আগবঢ়াইছে।
তেওঁ কয় যে এই চুক্তিয়ে বস্ত্ৰ আৰু কাপোৰ, চামৰা আৰু জোতা, খেলনা, আৰু ৰত্ন আৰু গহণা আদি শ্ৰমিক নিবিড় খণ্ডৰ পৰা আমেৰিকালৈ ৰপ্তানি বৃদ্ধি কৰি লাখ লাখ চাকৰিৰ সৃষ্টি কৰিব। ইয়াৰ ফলত ঘৰুৱা উৎপাদনতো উত্থান ঘটিব।
গোৱেলে কয় যে ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিয়ে আমাৰ ৰপ্তানিকাৰকসকলৰ বাবে ৩০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ মুকলি কৰি দিয়ে মষ্ট প্ৰেফাৰেড ড্যুটিৰ সৈতে। যোৱা নিশা সন্ধিয়া ভাৰত আৰু আমেৰিকাৰ মাজত চূড়ান্ত কৰা যৌথ বিবৃতি বিশ্ববাসীৰ আগত দাখিল কৰা হৈছে, যাক ব্যাপক আদৰণি জনোৱা হৈছে।
গোৱেলে কয় যে আজি এটা উন্নত ভাৰত ২০৪৭ৰ পথত গুৰুত্বপূৰ্ণ দিন। তেওঁ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিক ভাৰতৰ অৰ্থনীতিৰ বাবে এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে। প্ৰতি বছৰে ৫০০ বিলিয়ন ডলাৰৰ ৰপ্তানি ব্যৱসায়ৰ লক্ষ্যৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা আৰম্ভ হৈছিল। চুক্তি ঘোষণাৰ পাছত দেশজুৰি বিয়পি পৰা আনন্দ আৰু আশাবাদৰ ভাৱৰ ওপৰত গোৱালে আলোকপাত কৰে।
ৰত্ন আৰু ঔষধ কোম্পানীত কোনো শুল্ক নাই -
গোৱেলে উল্লেখ কৰে যে ভাৰত-আমেৰিকাৰ নতুন বাণিজ্য চুক্তিৰ অধীনত আমেৰিকালৈ কেইবাটাও গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ৰপ্তানি শুল্কৰ পৰা ৰেহাই দিয়া হ’ব। ৰত্ন আৰু গহণা, লগতে ঔষধজাত সামগ্ৰীয়ে এতিয়া শুল্কমুক্ত প্ৰৱেশ লাভ কৰিব, যাৰ ফলত ভাৰতৰ ৰপ্তানি প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি পাব আৰু ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক সমৰ্থন কৰিব।
ঔষধ, কফি, আম শুল্ক বিনামূলীয়াকৈ ৰপ্তানি–
বাণিজ্য মন্ত্ৰীয়ে উল্লেখ কৰে যে ৰত্ন, ঔষধ, কফি, আম, আৰু বহুতো সামগ্ৰী শুল্কমুক্তভাৱে আমেৰিকালৈ ৰপ্তানি কৰা হ’ব। কৃষি খণ্ডত এতিয়া কেইবাখনো ভাৰতীয় সামগ্ৰী শুল্কমুক্তভাৱে আমেৰিকালৈ ৰপ্তানি কৰা হ’ব। ইয়াৰ ভিতৰত চাহ, মছলা, নাৰিকল তেল, শাক-পাচলিৰ মোম, সুমথিৰা, ব্ৰাজিল বাদাম, চেষ্টনাট, আৰু বিভিন্ন ধৰণৰ ফল-মূল। শস্য, যৱ, বেকাৰী সামগ্ৰী, ক’ক’ সামগ্ৰী, তিল, পপি, আৰু চাইট্ৰাছ ফলৰ ৰসও পাৰস্পৰিক শুল্কৰ পৰা ৰেহাই দিয়া হ’ব আৰু এতিয়া শুল্কমুক্তভাৱে আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ