ইছলামাবাদৰ আত্মঘাতী আক্ৰমণৰ ফলত পাকিস্তানত আতংক, কমেও ৩২ জন নিহত, তিনিজনক আটক
ইছলামাবাদ, ০৭ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ দক্ষিণ-পূব অংশত শুকুৰবাৰৰ নামাজৰ সময়ত সংঘটিত আত্মঘাতী আক্ৰমণৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হৈছে। ইমামবাৰগাহৰ ভিতৰতে আক্ৰমণকাৰীয়ে নিজকে বিস্ফোৰণ সংঘটিত কৰাত কমেও ৩২ জন লোকৰ মৃত্যু হোৱাৰ লগ
इस्लामाबाद में इमामबाड़े पर हमले के बाद सुरक्षा बलों ने पूरे इलाके को घेर लिया। फोटो - इंटरनेट मीडिया


ইছলামাবাদ, ০৭ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ দক্ষিণ-পূব অংশত শুকুৰবাৰৰ নামাজৰ সময়ত সংঘটিত আত্মঘাতী আক্ৰমণৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হৈছে। ইমামবাৰগাহৰ ভিতৰতে আক্ৰমণকাৰীয়ে নিজকে বিস্ফোৰণ সংঘটিত কৰাত কমেও ৩২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬৯ জন লোক আহত হয়। এই আক্ৰমণকাৰীৰ দুজন ভাতৃ আৰু পৰিয়ালৰ এগৰাকী মহিলা সদস্যক আটক কৰি ৰখা হৈছে। এই বিস্ফোৰণক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে।

জিঅ’ নিউজৰ এক প্ৰতিবেদন অনুসৰি প্ৰত্যক্ষদৰ্শীয়ে কয় যে আত্মঘাতী বোমাৰুজনে ইছলামাবাদৰ তৰলাই অঞ্চলৰ ইমামবাৰগাহ খাদিজা আল কুব্ৰাৰ প্ৰৱেশ দ্বাৰ নিজকে বিস্ফোৰণ ঘটায়। তেওঁৰ সৈতে আন আক্ৰমণকাৰীও আছিল। বিস্ফোৰণৰ পূৰ্বে আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ইমামবাৰগাহৰ মূল গেটত থকা প্ৰহৰীয়ে আক্ৰমণকাৰীক ৰখাবলৈ চেষ্টা কৰে, যাৰ ফলত দুয়োপক্ষৰ গুলীয়াগুলি হয়। এই সময়ত এজন আক্ৰমণকাৰীয়ে ইমামবাৰাৰ ভিতৰত কমেও ২০ মিটাৰ ভিতৰলৈ সোমাই নিজকে বিস্ফোৰণ ঘটায়। বিস্ফোৰণৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হয়। এই আক্ৰমণত ৩২ জন লোক নিহত হয়।

ইছলামাবাদ জিলাৰ উপ আয়ুক্ত ইৰফান নৱাজ মেমনে কয় যে কোনো সংগঠনে ততাতৈয়াকৈ আত্মঘাতী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। চোৰাংচোৱা বিষয়াৰ মতে আত্মঘাতী বোমাৰুজন পেছাৱৰৰ নিবাসী ৩২ বছৰীয়া ইয়াছিৰ বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰত অভিযান চলাই আটক কৰা হয় দুই ভাতৃ আৰু এগৰাকী মহিলা। তিনিওজনকে সোধা-পোছা কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, আক্ৰমণকাৰীজনে বিগত পাঁচ মাহ ধৰি আফগানিস্তানত বাস কৰি আছিল, য’ত তেওঁ অস্ত্ৰ ব্যৱহাৰ আৰু আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰশিক্ষণ লাভ কৰিছিল। পেছাৱৰ আৰু নৌশ্বেৰাত আত্মঘাতী বোমাৰুজনৰ সহযোগীক বিচাৰি উলিয়াবলৈ অব্যাহত আছে এক তালাচী অভিযান। এই আক্ৰমণৰ বিভিন্ন দিশৰ তদন্ত অব্যাহত আছে।

এই আক্ৰমণৰ বাবে ভাৰত আৰু আফগানিস্তানক জগৰীয়া কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে। ভাৰতে ইয়াৰ ওপৰত তীব্ৰ আপত্তি জনাইছে আৰু অভিযোগসমূহ একেমুখে নাকচ কৰিছে। ফেডাৰেল স্বাস্থ্য মন্ত্ৰী মুস্তাফা কমলে কয় যে আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে ২৫ জনৰ অৱস্থা সংকটজনক। ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে এই বিস্ফোৰণক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি জাৰ্দাৰীয়ে নিৰীহ লোকক লক্ষ্য কৰি লোৱাটো মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি উল্লেখ কৰে।

ইমামবাৰগাহত সংঘটিত আত্মঘাতী আক্ৰমণক গৰিহণা দিয়ে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। তেওঁ প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক আৰু ব্যথা প্ৰকাশ কৰাৰ লগতে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গৃহমন্ত্ৰী মহছিন নকৱীৰ সৈতে বাৰ্তালাপ কৰি দোষীক চিনাক্ত কৰি অনতিপলমে ন্যায়ৰ কাঠঘৰালৈ আনিবলৈ নিৰ্দেশ দিয়ে। ইছলামবাদৰ ইমামবাৰগাহত সংঘটিত হোৱা বিস্ফোৰণক লৈ গভীৰ শোক প্ৰকাশ কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande