
ইছলামাবাদ, ০৬ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ ইমামবাৰগাহত শুকুৰবাৰৰ নামাজত সংঘটিত হোৱা বিস্ফোৰণত কমেও ১৫ জন লোক নিহত হোৱাৰ লগতে ৮০ জনৰো অধিক লোক আহত হয়।
ড’নত প্ৰকাশিত এক বাতৰি অনুসৰি শুকুৰবাৰে ৰাজধানীৰ টাৰলাই অঞ্চলৰ ইমামবাৰগাহত সংঘটিত হয় এই বিস্ফোৰণ। ঘটনাস্থলীত আৰক্ষী আৰু ৰেচকিউ ১১২২ৰ দলে উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈ আছে। উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকত মিৰ্জিঅ’য়েভৰ দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ সময়ত এই আক্ৰমণ সংঘটিত হয়।
ইছলামাবাদ কেপিটেল টেৰিটৰী আৰক্ষীৰ মুখপাত্ৰ তাকি জৱাদে কয় যে বিস্ফোৰণৰ প্ৰকৃতি নিৰ্ণয় কৰাতো খৰখেদা কৰা হ’ব। ফৰেনছিক দলে নিৰ্ণয় কৰিব যে সেয়া আত্মঘাতী বোমা বিস্ফোৰণ আছিল নে সংস্থাপন কৰা বোমা আছিল।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী তাৰিক ফজল চৌধুৰীয়ে এক্স-পোষ্টত এই আক্ৰমণক তীব্ৰ গৰিহণা দি এই “কাপুৰুষীয়া কাৰ্য্যত” প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে। চৌধুৰীয়ে কয় যে এনে সন্ত্ৰাসবাদী কাৰ্যই দেশৰ মনোৱল ভাঙিব নোৱাৰে। আমি শান্তি, সহনশীলতা আৰু স্থিতিশীলতাৰ বাবে একত্ৰিত হ’ব লাগিব আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে সংহতি প্ৰদৰ্শন কৰিব লাগিব।
যোৱা বছৰৰ নৱেম্বৰ মাহত ইছলামাবাদৰ জি-১১ এলেকাত জিলা আদালতৰ বাহিৰত আত্মঘাতী বোমা বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হৈছিল।
हिन्दुस्थान समाचार / Manoj Kumar Saikia