
নতুন দিল্লী, ০৫ ফেব্ৰুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত ২০২৭ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া ১৫০ বছৰীয়া জয়ন্তী টেষ্টৰ বাবে প্ৰচণ্ড উৎসাহ দেখিবলৈ পোৱা গৈছে । অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ মেচখনৰ টিকটৰ চাহিদাই আশা কৰাতকৈও অধিক হৈছে।
এই সপ্তাহতে ৰাজহুৱা টিকটৰ বেলট বন্ধ হ’ব, আৰু ইতিমধ্যে বৃহৎ সংখ্যক আবেদন লাভ কৰা হৈছে।
উল্লেখ্য় যে ২০২৭ চনৰ ১১ মাৰ্চৰ পৰা এমচিজিত অনুষ্ঠিত হ’বলগীয়া এই ঐতিহাসিক টেষ্ট মেচখন গোলাপী বলৰ সৈতে দিবা-নৈশ টেষ্ট হ’ব। এই খেলখনত ক্ৰিকেটৰ গৌৰৱময় ১৫০ বছৰীয়া ইতিহাস উদযাপন কৰা হ’ব, য’ত এই খেলবিধৰ বহু ডাঙৰ আৰু সন্মানীয় নাম উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
টিকটৰ অতিশয় চাহিদাৰ আলোকত ক্ৰিকেট অষ্ট্ৰেলিয়াই ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজহুৱা বেলট ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ তথ্য অনুসৰি এই বেলটৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৬ ফেব্ৰুৱাৰী শুকুৰবাৰে সন্ধিয়া ৫:০০ বজাত (অষ্ট্ৰেলিয়াৰ সময় অনুসৰি)। বেলট বন্ধ হোৱাৰ পিছত সকলো আবেদন ৰেণ্ডম কৰা হ’ব, আৰু সফল আবেদনকাৰীক ২০ ফেব্ৰুৱাৰীৰ ভিতৰত অৱগত কৰা হ’ব।
ক্ৰিকেট অষ্ট্ৰেলিয়াই এই ইভেণ্টৰ বাবে বৃহৎ সংখ্যক আবেদন লাভ কৰিছে, কেৱল ভিক্টোৰিয়াৰ পৰাই নহয়, অন্যান্য ৰাজ্য আৰু বহিঃৰাজ্যৰ পৰাও। বিশেষকৈ বহিঃৰাজ্যৰ আবেদনৰ অধিকাংশই ব্ৰিটেইনৰ পৰা। আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় আবেদন ভিক্টোৰিয়ান বাসিন্দাসকলৰ পৰা পৃথকে গণনা কৰা হৈছে।
আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা সকলো জীৱিত পুৰুষ আৰু মহিলা, অষ্ট্ৰেলিয়ান ক্ৰিকেট হল অৱ ফেমৰ সদস্য, ১৯৭৭ চনৰ শতবাৰ্ষিকী টেষ্টত খেলা সকলো অষ্ট্ৰেলিয়ান আৰু ইংলেণ্ড খেলুৱৈ, প্ৰাক্তন টেষ্ট অধিনায়ক, আৰু দুয়োখন দেশৰ প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰক এই ঐতিহাসিক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে চি এয়ে। অষ্ট্ৰেলিয়াৰ ১০০ৰো অধিক প্ৰাক্তন খেলুৱৈ আৰু বিশ্ব ক্ৰিকেট কিংবদন্তিসকলে তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰিছে।
১৮৭৭ চনৰ মাৰ্চ মাহত এমচিজিত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচৰ পৰা আৰম্ভ হোৱা ১৫০ বছৰীয়া টেষ্টখনে এক ঐতিহাসিক পৰম্পৰা অব্যাহত ৰাখিব।১৯৭৭ চনত খেলা শতবাৰ্ষিক টেষ্টখনো ঐতিহাসিক আছিল, ডেভিদ হুকছ, টনি গ্ৰেগ, ৰিক মেককস্কাৰৰ দৰে কিংবদন্তিৰ স্মৰণীয় প্ৰদৰ্শনেৰে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই প্ৰথম টেষ্ট আৰু চেণ্টেনাৰী টেষ্ট দুয়োখন খেলতে ৪৫ ৰানত জয়লাভ কৰে।
এই মেচখনো হ’ব এম চি জিত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন পুৰুষৰ দিন-ৰাতিৰ টেষ্ট। এই অনুষ্ঠানৰ সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট কিংবদন্তিসকলক সন্মান জনোৱাৰ বাবে বিশেষ অনুষ্ঠান আৰু মনোৰঞ্জনমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব, যাৰ ফলত এই টেষ্টখন ক্ৰিকেট ইতিহাসৰ এক অবিস্মৰণীয় অধ্যায় হিচাপে পৰিগণিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া