
স্পষ্টবাদী শৈলী আৰু বুদ্ধিমত্তাৰ বাবে সততে বাতৰিৰ শিৰোনাম দখল কৰা গোবিন্দৰ পত্নী সুনীতা আহুজাই এতিয়া আনুষ্ঠানিকভাৱে অভিনয় জগতত প্ৰৱেশ কৰিছে। দীৰ্ঘদিন ধৰি পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনক অগ্ৰাধিকাৰ দি সুনীতাই একতা কাপুৰৰ প্ৰডাকচন হাউচ বালাজী মোচন পিকচাৰ্ছৰ সৈতে স্বাক্ষৰ কৰিছে প্ৰথমখন হিন্দী ছবি। বাতৰি অনুসৰি ছবিখনত তেওঁ মূল ভূমিকা পালন কৰিব।
সূত্ৰ অনুসৰি ৫৮ বছৰীয়া সুনীতাই প্ৰায় ২০ দিন ধৰি শিৰোনামহীন ছবিখনৰ শ্বুটিং কৰিব। যদিও ইয়াৰ পূৰ্বে তেওঁ টিভি শ্ব’, ইভেণ্ট, আৰু সাক্ষাৎকাৰত অভিনয় কৰিছে, এই প্ৰকল্পটোক তেওঁৰ অফিচিয়েল বলীউড অভিষেক বুলি গণ্য কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে সুনীতাই উদ্যোগটোৰ গ্লেমাৰৰ পৰা দূৰত্ব বজাই ৰাখিছে আৰু স্বামীৰ জনপ্ৰিয়তাৰ সহায় লৈ কেতিয়াও চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰাৰ চেষ্টা কৰা নাই।
শেহতীয়াকৈ সুনীতাই ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মত উপস্থিতিৰ জৰিয়তে এক নতুন পৰিচয় গঢ়ি তুলিছে। তেওঁৰ পডকাষ্ট সাক্ষাৎকাৰ, ৰাজহুৱা অনুষ্ঠানত স্পষ্টবাদী বক্তব্য, ইউটিউব চেনেলে দৰ্শকৰ মাজত তেওঁক এক সুকীয়া পৰিচয় অৰ্জন কৰিছে। বিশ্বাস কৰা হয় যে এই জনপ্ৰিয়তাই একতা কাপুৰক তেওঁৰ ছবিত অভিনয় কৰিবলৈ প্ৰেৰণা যোগাইছিল।
শেহতীয়াকৈ গোবিন্দো নিজৰ বিবাহিত জীৱনৰ উৰাবাতৰিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল। তেওঁ এই বাতৰিসমূহ সম্পূৰ্ণৰূপে খাৰিজ কৰি ষড়যন্ত্ৰ আখ্যা দি কয় যে তেওঁৰ মৌনতাক ভুল ব্যাখ্যা কৰা হৈছে। এতিয়া সুনীতাৰ চলচ্চিত্ৰ অভিষেকৰ লগে লগে ইতিবাচক কাৰণত পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে তাৰকা দম্পতী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া