ট্ৰাম্পৰ অধ্যক্ষতাত শান্তি সমিতিৰ বৈঠকত আজি ২০খন সদস্য দেশৰ বৈঠকত গাজাৰ পুনসংস্থাপৰ বিষয়ে চৰ্চা
ৱাশ্বিংটন, ১৯ ফেব্ৰুৱাৰী (হি.স.)। যুদ্ধবিধ্বস্ত গাজা পুনৰ নিৰ্মাণৰ বাবে গঠন কৰা শান্তি সমিতিৰ বৈঠক বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব। ৱাশ্বিংটনৰ আমেৰিকাৰ শান্তি প্ৰতিষ্ঠানত অনুষ্ঠিত হ’বলগীয়া গাজা শান্তি সম
गाजा को लेकर गठित शांति समिति की बैठक आज (फोटोः फाइल)


ৱাশ্বিংটন, ১৯ ফেব্ৰুৱাৰী (হি.স.)। যুদ্ধবিধ্বস্ত গাজা পুনৰ নিৰ্মাণৰ বাবে গঠন কৰা শান্তি সমিতিৰ বৈঠক বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব।

ৱাশ্বিংটনৰ আমেৰিকাৰ শান্তি প্ৰতিষ্ঠানত অনুষ্ঠিত হ’বলগীয়া গাজা শান্তি সমিতিৰ বৈঠকত পাকিস্তান, ইজিপ্ত, জৰ্ডান, ইণ্ডোনেছিয়া, কাটাৰ, চৌদি আৰব, তুৰস্ক, সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি ২০খন সদস্য দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সমিতিখনৰ সদস্য দেশসমূহে গাজাৰ পুনৰ নিৰ্মাণৰ বাবে ৫ বিলিয়ন ডলাৰ পৰ্যন্ত বৰঙণি আগবঢ়াব বুলি আশা কৰা হৈছে, যিটো বৈঠকৰ সময়ত ঘোষণা কৰা হ’ব।

উল্লেখযোগ্য যে ইজৰাইল-হামাছৰ যুদ্ধবিৰতিৰ পাছতে জানুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ডাভোছত শান্তি ব’ৰ্ড গঠন কৰিছিল। প্ৰথম অৱস্থাত ব’ৰ্ডৰ উদ্দেশ্য আছিল গাজাৰ যুদ্ধৰ পিছৰ পৰিস্থিতি নিৰীক্ষণ কৰা যদিও অতি সোনকালেই ইয়াৰ পৰিসৰ বৃদ্ধি কৰি বিশ্ব শান্তিকো সামৰি লোৱা হয়। বিশেষ কথাটো হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতিক অনিৰ্দিষ্টকাললৈ এই ব'ৰ্ডৰ অধ্যক্ষ হিচাপে থাকিবলৈ অনুমোদন দিয়া হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande