নাজিৰা বালিঘাটত গাঞ্জাসহ আটক দুজন সৰবৰাহকাৰী
নাজিৰা বালিঘাটত গাঞ্জাৰ বিৰুদ্ধে অভিযান শিমলুগুৰি আৰক্ষীৰ ।
নাজিৰা বালিঘাটত গাঞ্জাসহ আটক দুজন সৰবৰাহকাৰী


শিৱসাগৰ, ১৫ ফেব্ৰুৱাৰী (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰা বালিঘাটত যোৱা কালি শনিবাৰে সন্ধিয়া গাঞ্জাৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষীৰ অভিযান চলে । এই অভিযানত বৃহং পৰিমাণৰ গাঞ্জাসহ দুজন যুৱকক আটক কৰা হয় ।

আটকাধীন যুৱক দুজনৰ নাম অমিতাভ গগৈ (গেলেকী চাৰিআলি ) আৰু আকাশ গগৈ (গেলেকী কলগাঁও) বুলি জানিব পৰা গৈছে । গড়গাঁও মহাবিদ্যালয়ৰ গেটৰ সন্মুখতে আৰক্ষীয়ে আটক কৰে যুৱক দুজনক । গাঞ্জা সৰবৰাহকাৰী কেইটাৰ পৰা এএছ ০৪ এই ১২২৮ নম্বৰৰ এখন স্কুটী জব্দ কৰে ৷ জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ এক কেজি পাঁচশ সাতচল্লিশ গ্ৰাম বুলি কোৱা হৈছে ৷ উল্লেখ্য যে নিশাৰ আন্ধাৰৰ সুযোগ লৈ এইদৰে গাঞ্জা ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল যুৱকদ্বয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande