বক্সিৰহাটত বৃহৎ পৰিমাণৰ ফেন্সিডাইল কফ ছিৰাপ জব্দ
বক্সিৰহাটত বৃহৎ পৰিমাণৰ ফেন্সিডাইল কফ ছিৰাপ জব্দ।
বক্সিৰহাটত বৃহৎ পৰিমাণৰ ফেন্সিডাইল কফ ছিৰাপ জব্দ


ধুবুৰী, ১৫ ফেব্ৰুৱাৰী (হি.স.): অসম বংগ সীমান্তৰ কোচবিহাৰৰ বক্সিৰহাটত যোৱা কালি শনিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ফেন্সিডাইল কফ ছিৰাপ জব্দ কৰা হয়। দিল্লীৰ পৰা পশ্চিমবংগ হৈ অসমত প্ৰৱেশৰ সময়ত জব্দ কৰা হয় নিচাযুক্ত নিষিদ্ধ কফ ছিৰাপ সমূহ।

আপেল ভৰ্তি ট্ৰাকৰ ভিতৰত গোপন স্থানত ৰাখিছিল কফ ছিৰাপ সমূহ। গোপন খবৰৰ ভিত্তিত বক্সিৰহাট আৰক্ষীয়ে বাৰোকোদালী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায়। ৩০ খন বস্তাত ৬ হাজাৰ বটল কফ ছিৰাপ জব্দ কৰে। এই সন্দৰ্ভত ত্ৰিপুৰা শান্তিনগৰৰ অবিনাশ দেবনাথ নামৰ লোকজনক আটক কৰা হৈছে।জব্দকৃত বাহনখনৰ নম্বৰ এনএল ০১ এ কে ০০৮১ বুলি জনা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande