হাজোৰ ৰাজপথত ডকাইতিৰ ঘটনা
হাজোৰ ৰাজপথত ডকাইতিকাণ্ডৰ ঘটনা।
হাজোৰ ৰাজপথত ডকাইতিৰ ঘটনা


কামৰূপ, ১৪ ফেব্ৰুৱাৰী (হি.স.): কামৰূপ জিলাৰ হাজোৰ ৰাজপথত যোৱা কালি শুকুৰবাৰে বিয়লি ডকাইতি কাণ্ড সংঘটিত হয় ।ৰখাই থোৱা দুচকীয়া বাহনৰ পৰা ডকাইতৰ দলে লুটি নিলে নগদ ধন । দমদমাৰ নৰেন্দ্ৰ মালাকৰ নামৰ লোকজনৰ এএছ ০১ ডিডব্লিউ ০৫০৯ নম্বৰৰ স্কুটি বাহনৰ পৰা ডকাইতৰ দলে লুটি নিয়ে নগদ এক লাখ টকা ।

হাজোৰ ষ্টেট বেংক শাখাৰ পৰা ধনখিনি উলিয়াই আনি পানীপাৰাৰ এটা দুচকীয়া বাহনৰ শ্ব' ৰূমৰ সন্মুখত বজাৰ কৰিবলৈ ৰৈছিল লোকজনে । সেই সময়তেই বাহনখনৰ আসনৰ তলৰ বাকচ নকল চাবিৰে খুলি পাঁচবুক সহ ধন লৈ উধাও হয় ডকাইতৰ দলটো । দুজনীয়া ডকাইতৰ দলে সংঘটিত কৰা এই ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হয় চি চি টিভিৰ কেমেৰাত । ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande