
দৰং, ১৩ ফেব্ৰুৱাৰী (হি.স.)। মঙলদৈত আৰক্ষীৰ অভিযানত বৃহৎ সফলতা লাভ। মঙলদৈত জব্দ ৩২ টা কৈ গৰু ভৰ্তি ট্ৰাক। মঙলদৈ সদৰ থানা চৌহদ ভৰি পৰিল গৰুৰে। ৩২ টা গৰু ভৰ্তি ট্ৰাক বৃহস্পতিবাৰে নিশা জব্দ কৰে মঙলদৈ আৰক্ষীয়ে। আৰক্ষীৰ নিশা পহৰাদাৰী দলে তালাচী অভিযানত জব্দ কৰে গৰু ভৰ্তি ট্ৰাক খন।
বৰ্তমান মঙলদৈ সদৰ থানাত ট্টাক আৰু গৰু জব্দ কৰি আবদ্ধ কৰি ৰাখে। ৰাষ্ট্ৰীয় বজৰংগ দলৰ নেতা অভিজিত ঘোষে মঙলদৈ আৰক্ষীৰ এই সফলতাক ধন্যবাদ জনোৱাৰ লগতে আৰক্ষীৰ আৰু তালাচি অভিযান চলোৱাৰ আশা কৰিছে, কিয়নো প্ৰায় প্ৰতিদিনে এনেধৰনে গৰু সৰবৰাহ হৈ থকাৰ সন্দেহ আছে। ইতিপূৰ্বে প্ৰায় প্ৰতিদিনে দৰং জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিশা গৰু সৰবৰাহ হৈ থকাৰ অভিযোগ কৰি আহিছে ৰাষ্ট্ৰীয় বজৰং দলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ