ছৌদি আৰৱৰ ৱৰ্ল্ড ডিফেন্স শ্ব’ত ভাৰতৰ থলুৱা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন
- প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে ভাৰত মণ্ডপ উদ্বোধন নতুন দিল্লী, ১০ ফেব্ৰুৱাৰী (হি.স.)। ছৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত বিশ্ব প্ৰতিৰক্ষা প্ৰদৰ্শনীত ভাৰতে নিজৰ থলুৱা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰে। ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰা ইণ্ডিয়া
'वर्ल्ड डिफेंस शो' में रक्षा राज्य मंत्री संजय सेठ 'इंडिया पवेलियन' का उद्घाटन करते हुए


- প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে ভাৰত মণ্ডপ উদ্বোধন

নতুন দিল্লী, ১০ ফেব্ৰুৱাৰী (হি.স.)। ছৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত বিশ্ব প্ৰতিৰক্ষা প্ৰদৰ্শনীত ভাৰতে নিজৰ থলুৱা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰে। ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰা ইণ্ডিয়া পেভিলিয়ন উদ্বোধন কৰে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে। তেওঁ চৌদি আৰৱৰ প্ৰতিৰক্ষা উদ্যোগ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰদৰ্শনীসমূহ পৰিদৰ্শন কৰি তেওঁলোকৰ থলুৱা প্ৰযুক্তিৰ পৰ্যালোচনাও কৰে।

৮-৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ডিফেন্স শ্ব’ত অংশগ্ৰহণৰ বাবে ভাৰতীয় প্ৰতিনিধি দলটোৰ সৈতে ৰিয়াধলৈ গৈছিল প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে। তেওঁ ছৌদি আৰৱৰ সহকাৰী প্ৰতিৰক্ষা মন্ত্ৰী ড০ খালিদ বিন হুছেইন আল বায়াৰীৰ সৈতে দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। তেওঁ ছৌদি আৰব জেনেৰেল অথৰিটি ফৰ ডিফেন্স ডেভেলপমেণ্টৰ গৱৰ্ণৰ ড° ফালেহ বিন আব্দুল্লা আল চুলাইমানৰ সৈতেও সাক্ষাৎ কৰি ভাৰতক বিশ্বব্যাপী ৰপ্তানি কেন্দ্ৰ হিচাপে উত্থাপন কৰাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰী সঞ্জয় ছেথে প্ৰতিৰক্ষা প্ৰযুক্তি বিকাশৰ বিষয়ে আলোচনা কৰিবলৈ ছৌদি আৰৱৰ বিষয়াসকলক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।

প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ছৌদি আৰৱৰ সামৰিক উদ্যোগৰ সাধাৰণ কৰ্তৃপক্ষৰ গৱৰ্ণৰ আহমেদ বিন আব্দুল আজিজ আল অহালীৰ সৈতে সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা আৰু যোগান শৃংখলৰ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভৰ বাবে ভাৰত ভ্ৰমণৰ যৌথ প্ৰতিনিধি দলৰ প্ৰস্তাৱো আগবঢ়ায়। ভাৰতীয় দূতাবাসত ভাৰতীয় আৰু চৌদি প্ৰতিৰক্ষা কোম্পানীসমূহৰ মুৰব্বীসকলৰ আগত দিয়া ভাষণত প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা প্ৰয়োজনীয়তাত আত্মনিৰ্ভৰশীলতা লাভৰ বাবে ভাৰত আৰু চৌদি আৰৱৰ যৌথ সহযোগিতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড দৃষ্টিভংগীৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়।

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা চৌদি সাম্ৰাজ্যৰ জন্মস্থান দিৰিয়াহ পৰিদৰ্শন কৰে। পিছত তেওঁ দূতাবাসত ভাৰতীয় প্ৰবাসীসকলৰ বাবে এক অনুষ্ঠানত ভাষণ দিয়ে। ভাষণত তেওঁ মহিলা সৱলীকৰণ, স্বাস্থ্য আৰু ডিজিটেল সাক্ষৰতাকে ধৰি সকলো খণ্ডতে ‘নেচন ফাৰ্ষ্ট’ৰ পোষকতা কৰাৰ লগতে চৌদি আৰৱত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ক সহায় কৰাৰ বাবে দূতাবাসৰ বিষয়াসকলক প্ৰশংসা কৰে।

हिन्दुस्थान समाचार / ৰমেন বৰ্মণ


 rajesh pande