
নিউয়ৰ্ক, ১০ ফেব্ৰুৱাৰী (হি.স.)। আমেৰিকাৰ টেনিছ কিংবদন্তি ছেৰেনা উইলিয়ামছক ২২ ফেব্ৰুৱাৰীৰ পৰা পুনৰ টেনিছ খেলাৰ যোগ্য ঘোষণা কৰিছে ক্ৰীড়াৰ ড্ৰাগছ পৰীক্ষা সংস্থা আন্তঃৰাষ্ট্ৰীয় টেনিছ অখণ্ডতা সংস্থাই (আই টি আই এ)। অৱশ্যে ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নগৰাকীয়ে মহিলা ভ্ৰমণলৈ ঘূৰি আহিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
৪৪ বছৰীয়া ছেৰেনা উইলিয়ামছে যোৱা বছৰৰ শেষৰ ফালে টেনিছ এণ্টি ড’পিং টেষ্টিং পুলত পুনৰ যোগদান কৰি জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল। কিন্তু সেই সময়ত তেওঁ এই জল্পনা-কল্পনাক খাৰিজ কৰি কয় যে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ এই খেলখনলৈ ঘূৰি আহিবলৈ সাজু হৈছে। প্ৰায় দুটা দশক ধৰি মহিলা টেনিছত আধিপত্য বিস্তাৰ কৰিছিল ছেৰেনাই।
যোৱা মাহত এনবিচিৰ জনপ্ৰিয় অনুষ্ঠান “টুডে”ত উপস্থিত থকাৰ সময়ত সম্ভাৱ্য প্ৰত্যাৱৰ্তনৰ বিষয়ে সোধাত তেওঁ প্ৰত্যক্ষ উত্তৰ এৰাই চলিছিল, যাৰ ফলত পুনৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।
মহিলা টেনিছ এছ’চিয়েশ্যনে (ডব্লিউ টি এ) এই বিষয়ত সাধাৰণ ব্যৱসায়িক সময়ৰ বাহিৰত সোধা প্ৰশ্নৰ উত্তৰ এতিয়াও আনুষ্ঠানিকভাৱে দিয়া নাই।
২০১৭ চনত শেষবাৰৰ বাবে গ্ৰেণ্ড শ্লেম একক খিতাপ দখল কৰা ছেৰেনা উইলিয়ামছে ২০২২ চনৰ ইউ এছ অ’পেনৰ পিছত কোনো পেছাদাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া