
ইছলামাবাদ, ১০ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে মঙলবাৰে জ্যেষ্ঠ অধিবক্তা ছলমান ছাফদাৰক এমিকাছ কুৰিয়া (আদালতৰ বন্ধু) হিচাপে নিযুক্তি দিয়ে। ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ অৱস্থা আৰু স্বাস্থ্যৰ স্বতন্ত্ৰভাৱে মূল্যায়ন কৰাৰ দায়িত্ব তেওঁক দিয়া হৈছে।
পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইয়াহয়া আফ্ৰিদীয়ে কাৰাগাৰ কৰ্তৃপক্ষক চফদাৰৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জোৰ দি কয় যে ছফদাৰক সন্মানেৰে ব্যৱহাৰ কৰা উচিত আৰু অপেক্ষা নকৰাকৈ ইমৰাণ খানক তৎক্ষণাত লগ কৰিবলৈ দিয়া উচিত। চিজেপিয়ে উল্লেখ কৰে যে যদি কোনো অসুবিধাৰ সৃষ্টি হয় তেন্তে তেওঁৰ ব্যক্তিগত কৰ্মচাৰীয়ে এই কামত এমিকাছ কিউৰিয়াক সহায় কৰিব।
চিজেপি আফ্ৰিদি আৰু ন্যায়াধীশ শ্বাহিদ বিলাল হাছানৰ বিচাৰপীঠে ছফদাৰক আদিয়ালা জেল ভ্ৰমণ কৰি পিটিআই প্ৰতিষ্ঠাপকজনৰ জীৱন-যাপনৰ অৱস্থা, সুবিধা, আৰু সামগ্ৰিক চিকিৎসাৰ লিখিত মূল্যায়ন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইমৰাণ খানৰ কাৰাগাৰৰ বেৰেক পৰিদৰ্শন কৰি কাম সম্পূর্ণ কৰিবলৈ এমিকাছ কুৰিয়াক অনুমতি দিবলৈ আদালতে নিৰ্দেশ দিয়ে। বুধবাৰে লিখিত মূল্যায়ন দাখিলৰ সময়সীমা হিচাপে বিচাৰপীঠে নিৰ্ধাৰণ কৰি পৰৱৰ্তী কাৰ্য্যবিধি পিছদিনালৈ পিছুৱাই দিয়ে।
শুনানিৰ সময়ত ছলমান চফদাৰে তেওঁৰ কামৰ পৰিসৰৰ বিষয়ে স্পষ্টীকৰণ বিচাৰিছিল আৰু কয় যে পিটিআইৰ প্ৰতিষ্ঠাপকজনৰ প্ৰাৰম্ভিক চকুৰ পৰীক্ষাত কিছু স্বাস্থ্যজনিত চিন্তাৰ কথা পোহৰলৈ আহিছে। ইয়াৰ উত্তৰত চিজেপিয়ে চেম্বাৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
পাকিস্তানৰ এটৰ্নী জেনেৰেল মনছুৰ উছমান আৱানে আদালতক জনোৱা মতে, ২০২৩ চনৰ ২৪ আগষ্টত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে চেম্বাৰত কম্প্লাইয়েন্স ৰিপৰ্ট দাখিল কৰা হৈছে। তেওঁ উল্লেখ কৰে যে সেই সময়ত ইমৰাণ খানক এটক জেলত ভৰ্তি কৰা হৈছিল, আৰু ২০২৩ চনৰ ৫ আগষ্টৰ পৰা ১৮ আগষ্টলৈকে চিকিৎসাৰ ৰেকৰ্ড সংলগ্ন কৰা হৈছিল।
চিজেপিয়ে পৰ্যবেক্ষণ কৰে যে পূৰ্বৰ সিদ্ধান্তত আদালত সন্তুষ্ট হোৱা বুলি প্ৰকাশ পোৱা পৰৱৰ্তী কোনো আদেশ ৰেকৰ্ডত নাছিল। তেওঁ কয় যে ইমৰাণ খানক আদিয়ালা জেললৈ বদলি কৰিবলৈ তেওঁৰ আটকৰ অৱস্থাৰ নতুন মূল্যায়নৰ প্ৰয়োজন। ছলমান চফদাৰৰ ওপৰত আস্থা প্ৰকাশ কৰি আদালতে পৰিস্থিতি অনুসৰি নতুন প্ৰতিবেদন উপযুক্ত বুলি উল্লেখ কৰে।
ইয়াৰ পূৰ্বে চিজেপিয়ে জ্যেষ্ঠ অধিবক্তা লতিফ খোছাক বিচাৰপীঠক সম্বোধন কৰাত বাধা দিছিল। পিছত খোছাই পুনৰ মঞ্চৰ কাষ চাপি নিজৰ ক্লায়েণ্টক লগ কৰাৰ অনুমতি বিচাৰিলে যদিও আদালতে সেই অনুৰোধ নাকচ কৰে। তাৰ পৰিৱৰ্তে ছলমান চফদাৰক আদিয়ালা জেললৈ যাবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ এদিন পূৰ্বে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে তাৎক্ষণিকভাৱে প্ৰৱেশৰ বাবে ইমৰাণ খানৰ আইনী দলৰ আবেদন নাকচ কৰিছিল। ইয়াৰ উপৰিও পিটিআইৰ সৈতে জড়িত কেইবাখনো আবেদনক পৃথক পৃথক বিচাৰপীঠত ভাগ কৰিছিল। অৱশ্যে ইমৰাণ খানৰ জামিনক প্ৰত্যাহ্বান জনাই পঞ্জাৱ চৰকাৰৰ আবেদন আৰু পত্নী বুছৰা বিবিক দিয়া জামিনৰ বিৰুদ্ধে আবেদনকে ধৰি ১৩টা গোচৰৰ শুনানি গ্ৰহণ কৰে বিচাৰপীঠে।
খোছাৰ আৱেদন সন্দৰ্ভত বিচাৰপীঠে চৰকাৰক জাননী জাৰি কৰে যদিও তাৎক্ষণিক সকাহ দিবলৈ অস্বীকাৰ কৰে। বিৰোধী পক্ষৰ শুনানি নোপোৱাকৈ কোনো আদেশ জাৰি কৰিব নোৱাৰিব বুলি উল্লেখ কৰি চিজেপি আফ্ৰিদীয়ে কয় যে আদালতে প্ৰথমে আবেদনৰ যথাৰ্থ অৱস্থাৰ সন্দৰ্ভত আপত্তিসমূহৰ সমাধান কৰিব।
তদুপৰি, ছাইফাৰ গোচৰত ইমৰাণ খান আৰু পিটিআইৰ উপ-সভাপতি শ্বাহ মাহমুদ কুৰেশ্বীক দোষমুক্ত কৰাৰ বিৰুদ্ধে আবেদনৰ শুনানিৰ বাবে তিনিজনীয়া বিচাৰপীঠ গঠনৰ বাবেও উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া