নেপালৰ তামাকোষী নদীত পৰিল বাছ, ৯ যাত্ৰীৰ মৃত্যু
কাঠমাণ্ডু, ১০ ফেব্রুৱাৰী (হি.স.)। কাঠমাণ্ডুৰ পৰা ওখলধুংগা গৈ থকা এগৰাকী যাত্ৰী বাছ মঙ্গলবাৰে দুপৰীয়া তামাকোষী নদীত পৰি যায় । এই দূৰ্ঘটনাত এতিয়ালৈকে ন''জন লোকৰ মৃত্যু হৈছে। ৰামেছাপৰ মুখ্য জিলাৰ বিষয়া শৰ্মা কৃষ্ণ থাপাই ক''লে যে বাগমতি প্ৰদেশৰ
नदी में गिरी बस


কাঠমাণ্ডু, ১০ ফেব্রুৱাৰী (হি.স.)। কাঠমাণ্ডুৰ পৰা ওখলধুংগা গৈ থকা এগৰাকী যাত্ৰী বাছ মঙ্গলবাৰে দুপৰীয়া তামাকোষী নদীত পৰি যায় । এই দূৰ্ঘটনাত এতিয়ালৈকে ন'জন লোকৰ মৃত্যু হৈছে।

ৰামেছাপৰ মুখ্য জিলাৰ বিষয়া শৰ্মা কৃষ্ণ থাপাই ক'লে যে বাগমতি প্ৰদেশৰ (০৩–০১-০০৫ খ ৯৯৭৫) বাছ ৰামেছাপ জিলাৰ মান্থলি নগৰপালিকা অৱস্থিত ত্ৰিৱেণী ঘাটত নদীত পৰি গৈছে। এই বাছখন কাঠমাণ্ডুৰ পৰা আঠ জন যাত্ৰী লৈ ৰওনা হৈছিল, কিন্তু দুৰ্ঘটনাৰ সময়ত ইয়াত টিকট নোহোৱা যাত্ৰীসহ প্ৰায় ১৭ জন আৰোহী আছিল। ছয়জন যাত্ৰীৰ ঘটনাস্থলতে মৃত্যু হৈছে, আৰু তিনি যাত্ৰীয়ে চিকিত্সালয়লৈ লৈ যাোৱাৰ সময়তে প্ৰাণ হেৰুৱাইছে। তেওঁ ক'লে যে অস্ত্ৰধাৰী আৰক্ষী বাহিনীৰ ডুবাৰু আৰু স্থানীয় দুৰ্যোগ ব্যৱস্থাপনা ইউনিটৰ উদ্ধাৰ দলে নদীত পৰা অন্য লোকক উদ্ধাৰ কৰাৰ কামত ব্যস্ত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande