
নতুন দিল্লী, ১০ ফেব্ৰুৱাৰী (হি.স.)। ডাক বিভাগে নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱ ইণ্ডিয়া লিমিটেডৰ সৈতে মিউচুৱেল ফাণ্ড বিতৰণৰ বাবে চুক্তিবদ্ধ হৈছে, যাতে সমগ্ৰ দেশৰ মিউচুৱেল ফাণ্ডৰ লেনদেন সাধাৰণ জনতাৰ বাবে সুলভ হয়। ইয়াৰ ফলত বিভাগটোৱে সমগ্ৰ দেশতে নিজৰ নেটৱৰ্কৰ জৰিয়তে এন এছ ই মিউচুৱেল ফাণ্ড লেনদেনৰ বাবে নিজৰ ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰিব পাৰিব।
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইয়াত অনুষ্ঠিত এক অনুষ্ঠানত ডাক বিভাগক প্ৰতিনিধিত্ব কৰা মনীষা বংছাল বাদল আৰু এন এছ ইক প্ৰতিনিধিত্ব কৰা শ্ৰীৰাম কৃষ্ণনে এই চুক্তিত স্বাক্ষৰ কৰে। দুয়োখন প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই চুক্তি তিনি বছৰৰ বাবে। এই পৰিকল্পনা পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ’ব, প্ৰথমতে এটা পাইলট প্ৰজেক্টৰ পৰিকল্পনা কৰা হ’ব।
মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ডাক বিভাগে সমগ্ৰ দেশৰ ১.৬৪ লাখৰো অধিক ডাকঘৰৰ জৰিয়তে এই সেৱা আগবঢ়াব। এন এছ ইয়ে মিউচুৱেল ফাণ্ড লেনদেনৰ বাবে নিজৰ ডিজিটেল প্লেটফৰ্মৰ প্ৰৱেশ প্ৰদান কৰিব, যিয়ে অৰ্ডাৰৰ পৰা নিষ্পত্তিলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো সামৰি ল’ব। ছেবিৰ নিয়মৰ অধীনত সকলো লেনদেন কৰা হ’ব। এই চুক্তিৰ অধীনত ডাক বিভাগৰ নিৰ্বাচিত কৰ্মচাৰীসকলক মিউচুৱেল ফাণ্ড বিতৰক হিচাপে প্ৰশিক্ষণ দিয়া হ’ব আৰু প্ৰয়োজনীয় প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। এন আই এছ এম প্ৰমাণপত্ৰ আৰু ইউ আই এন পঞ্জীয়ন বাধ্যতামূলক হ’ব।
এন এছ ইয়ে কয় যে এই সহযোগিতাই মূলধনী বজাৰৰ সামগ্ৰীসমূহ জনসাধাৰণৰ বাবে সুলভ কৰি তোলাত মূল ভূমিকা পালন কৰিব। ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে বিনিয়োগ প্ৰক্ৰিয়াটো সহজ কৰি তোলা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া