তালিবানৰ সৈতে সম্পৰ্ক শেষ কৰিবলৈ মুছলমান দেশসমূহক আহ্বান মালালা ইউছুফজাই
লণ্ডন, ১০ ফেব্ৰুৱাৰী (হি.স.)। নোবেল বঁটা বিজয়ী মালালা ইউছুফজাইয়ে বিশ্বৰ দেশসমূহক বিশেষকৈ মুছলমান দেশসমূহক তালিবানক হেঁচা প্ৰয়োগ কৰাৰ লগতে তেওঁলোকৰ সৈতে স্বাভাৱিক কূটনৈতিক সম্পৰ্ক ৰখাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। মালালাই ছোৱালীৰ শিক্ষাৰ সন্দ
b2559477b87df06227c5d645c9f35cf8_1877820264.jpg


লণ্ডন, ১০ ফেব্ৰুৱাৰী (হি.স.)। নোবেল বঁটা বিজয়ী মালালা ইউছুফজাইয়ে বিশ্বৰ দেশসমূহক বিশেষকৈ মুছলমান দেশসমূহক তালিবানক হেঁচা প্ৰয়োগ কৰাৰ লগতে তেওঁলোকৰ সৈতে স্বাভাৱিক কূটনৈতিক সম্পৰ্ক ৰখাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। মালালাই ছোৱালীৰ শিক্ষাৰ সন্দৰ্ভত আফগানিস্তানৰ বৰ্তমানৰ পৰিস্থিতিক অত্যন্ত বিপজ্জনক বুলি অভিহিত কৰে। তালিবানে ছোৱালী আৰু মহিলাক তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা পদ্ধতিগতভাৱে বঞ্চিত কৰি আছে বুলিও ব্যক্ত কৰে ।

পাকিস্তানৰ দুনিয়া নিউজে প্ৰকাশ কৰা অনুসৰি মালালাই ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশ্বৰ দেশসমূহৰ আগত এই আহ্বান জনাইছে। মালালাই কয়, তালিবানে ছোৱালীক শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ছোৱালীৰ বিদ্যালয় বন্ধ, কিন্তু আফগান ছোৱালীয়ে হাৰ নামানিলে। তেওঁলোকে গোপন বিদ্যালয় আৰু অনলাইন শিক্ষণৰ জৰিয়তে শিক্ষা অব্যাহত ৰাখিছে।

তালিবানৰ নিষেধাজ্ঞাই মহিলাসকলক ঘৰ এৰি বা কাম কৰিবলৈ বাধা দিয়ে, যাৰ ফলত আফগান শিশুৰ ভৱিষ্যতত নেতিবাচক প্ৰভাৱ পৰে বুলিও উল্লেখ কৰে। মালালাই তালিবানে ছোৱালীৰ শিক্ষা নিষিদ্ধকৰণক সমালোচনা কৰি ইছলামিক শিক্ষাৰ বিৰুদ্ধে আখ্যা দিয়ে। তাই কয়, ধৰ্মৰ নামত কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰা উচিত নহয়। শিক্ষণ ধৰ্মৰ অংশ আৰু তালিবানে নিজৰ ধৰ্মক সঠিকভাৱে বুজাটো প্ৰয়োজন।

পাকিস্তান আৰু অন্যান্য মুছলমান দেশকে ধৰি সকলো দেশকে মানৱ অধিকাৰৰ ভিত্তিত কাম কৰিবলৈ আৰু তালিবানৰ অইছলামিক কাৰ্যক ৰাজহুৱাভাৱে গৰিহণা দিবলৈ আহ্বান জনায়। মালালাই আফগান ছোৱালীৰ প্ৰতিও সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰি কয় যে তেওঁ তেওঁলোকৰ সৈতে থিয় দিছে আৰু তেওঁলোকৰ সুবিধাৰ বাবে শৈক্ষিক প্ৰকল্পসমূহক সমৰ্থন কৰি যাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande