পত্নী সুনীতাৰ অভিযোগ সন্দৰ্ভত গোবিন্দৰ স্পষ্টীকৰণ
বলীউডৰ অভিনেতা গোবিন্দ আৰু তেওঁৰ পত্নী সুনীতা আহুজা সম্প্ৰতি পাৰিবাৰিক বক্তব্যৰ বাবে বাতৰিৰ শিৰোনাম। শেহতীয়াকৈ সুনীতাই অভিযোগ কৰে যে তেওঁলোকৰ পুত্ৰ যশবৰ্ধন আহুজাৰ কেৰিয়াৰ আগুৱাই নিয়াত গোবিন্দই সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাছিল। এতিয়া এই দাবীক লৈ ন
सुनीता, गोविंदा  - फोटो सोर्स एक्स


বলীউডৰ অভিনেতা গোবিন্দ আৰু তেওঁৰ পত্নী সুনীতা আহুজা সম্প্ৰতি পাৰিবাৰিক বক্তব্যৰ বাবে বাতৰিৰ শিৰোনাম। শেহতীয়াকৈ সুনীতাই অভিযোগ কৰে যে তেওঁলোকৰ পুত্ৰ যশবৰ্ধন আহুজাৰ কেৰিয়াৰ আগুৱাই নিয়াত গোবিন্দই সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাছিল। এতিয়া এই দাবীক লৈ নিজৰ মৌনতা ভাঙি মাত মাতিছে অভিনেতাগৰাকীয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ সিদ্ধান্ত সদায় পৰিয়াল আৰু শিশুৰ ভৱিষ্যতৰ কথা মনত ৰাখিয়েই লোৱা হয়।

শিশুসকলে মোৰ পৃথিৱীৰ হেঁচা সহ্য কৰিব নালাগে: গোবিন্দ

সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ত গোবিন্দই কয় যে, যেতিয়া মই ৰাজনীতি এৰিছিলো, তেতিয়া মই মোৰ সন্তানক প্ৰতিযোগিতা, ঘৃণা, ঈৰ্ষাৰ দৰে কথাৰ পৰা আঁতৰাই ৰখাটোৱেই উত্তম বুলি ভাবিছিলো। বিশেষকৈ তেওঁলোকৰ ভৱিষ্যত বিবেচনা কৰি মই নিজকে আঁতৰাই ৰখাটোৱেই উত্তম বুলি ভাবিছিলো। তেওঁ লগতে প্ৰকাশ কৰে যে তেওঁ প্ৰযোজক সাজিদ নাদিয়াদৱালাক তেওঁৰ পুত্ৰ যশবৰ্ধনক পথ প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছিল। গোবিন্দৰ মতে, নদিয়াদৱালাই যশবৰ্ধনক চলচ্চিত্ৰ নিৰ্মাণৰ সূক্ষ্মতা বুজিবলৈ আৰু উদ্যোগটোৰ কাম-কাজ শিকিবলৈ সহায় কৰিছিল।

সুনীতাই কি ক’লে?

পূৰ্বৰ এক সাক্ষাৎকাৰত সুনীতা আহুজাই উল্লেখ কৰিছিল যে গোবিন্দই পুত্ৰৰ কেৰিয়াৰৰ বাবে পৰ্যাপ্ত সহায় আগবঢ়োৱা নাই। তাই উল্লেখ কৰে যে যশবৰ্ধনে এতিয়ালৈকে প্ৰায় ৯০টা অডিচন দিছে, কিন্তু আশা কৰা ধৰণে স্বীকৃতি লাভ কৰা নাই। সুনীতাই লগতে উল্লেখ কৰে যে পুত্ৰক দেউতাকৰ পদাংক অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছিল যদিও গোবিন্দৰ মনোভাৱ বুজি নাপালে।

পৰিয়ালৰ ভিতৰত এই বক্তব্যই উদ্যোগটোৰ ভিতৰত আৰু অনুৰাগীৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিছে। গোবিন্দৰ এই স্পষ্টীকৰণৰ পিছতে এতিয়া সকলোৰে দৃষ্টি যশবৰ্ধনৰ বলীউড যাত্ৰাৰ ওপৰত।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande