১৫ হাজাৰ ₹ৰ উৎকোচ গ্ৰহণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ এ এছ আই
নতুন দিল্লী, ১০ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ১৫ হাজাৰ ₹ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত দিল্লী আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক ওম প্ৰকাশক হাতে লোতে গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে চিবিআইয়ে জনোৱা মতে, সংস্থাটোৱে ৭ ফেব্ৰুৱাৰীত গোচৰ ৰুজু কৰা ব
सीबीआई


নতুন দিল্লী, ১০ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ১৫ হাজাৰ ₹ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত দিল্লী আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক ওম প্ৰকাশক হাতে লোতে গ্ৰেপ্তাৰ কৰিছে।

মঙলবাৰে চিবিআইয়ে জনোৱা মতে, সংস্থাটোৱে ৭ ফেব্ৰুৱাৰীত গোচৰ ৰুজু কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে যে অভিযোগকাৰীৰ পৰা এএছআইয়ে তেওঁৰ ভাতৃক জামিন লাভ কৰাত সহায় কৰিবলৈ ২৫ হাজাৰ ₹ৰ উৎকোচ দাবী কৰিছিল আৰু ধন নিদিলে তেওঁক আন গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল।

সেইদিনা চিবিআইয়ে বেহু ৰচনা কৰি অভিযোগকাৰীৰ পৰা ১৫ হাজাৰ ₹ৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত অভিযুক্তক হাতে লোতে ধৰিলে। পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ওম প্ৰকাশক পশ্চিম বিহাৰ থানাত পোষ্ট কৰা হৈছিল। চিবিআইয়ে উল্লেখ কৰিছে যে অধিক তদন্ত অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande