অলংকাৰ বজাৰত ৰূপৰ জিলিকনি, সোণৰ চমক হ্ৰাস
নতুন দিল্লী, ১০ ফেব্ৰুৱাৰী (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত হ্ৰাস পাইছে সোণৰ মূল্য। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৪০ টকাৰ পৰা ৯২০ টকাৰ ভিতৰত হ্ৰাস পাইছে। আনহাতে ৰূপৰ মূল্য ১৬,২০০ টকা জঁপিয়াই প্ৰতি কিলোগ্ৰামত। মূল্য হ্ৰাস পোৱাৰ বাবে সমগ্ৰ দেশৰ প্ৰায়
प्रतीकात्मक


নতুন দিল্লী, ১০ ফেব্ৰুৱাৰী (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত হ্ৰাস পাইছে সোণৰ মূল্য। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৪০ টকাৰ পৰা ৯২০ টকাৰ ভিতৰত হ্ৰাস পাইছে। আনহাতে ৰূপৰ মূল্য ১৬,২০০ টকা জঁপিয়াই প্ৰতি কিলোগ্ৰামত। মূল্য হ্ৰাস পোৱাৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৭,৯২০ টকাৰ পৰা ১,৫৮,০৭০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,৪৪,৭৬০ টকাৰ পৰা ১,৪৪,৯১০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ইফালে ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰাম বিক্ৰী হৈছে ৩,০১,১০০ টকা হাৰত।

দিল্লীত আজি ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১,৫৮,০৭০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৯১০ টকা। মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৭,৯২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৪,৭৬০ টকাত বিক্ৰী হৈছে। আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৭,৯৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৮১০ টকা। চেন্নাইত আজি ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,৫৭,৯২০ টকাত বিক্ৰী হৈছে, আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৭৬০ টকা। কলকাতাত ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৭,৯২০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৭৬০ টকা। ভূপালত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৭,৯৭০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,৮১০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৮,০৭০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪৪,৯১০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১,৫৭,৯৭০ টকা, আনহাতে ২২ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১,৪৪,৮১০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৮,০৭০ টকা, আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৪,৯১০ টকাত বিক্ৰী হৈছে।

সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰেই কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৭,৯২০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৪,৭৬০ টকাত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande