মাজুলীৰ নয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
মাজুলীৰ নয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
মাজুলীৰ নয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা


মাজুলী, ০৯ নৱেম্বৰ (হি.স.): দেৱালীৰ আনন্দৰ মাজতে মাজুলীৰ নয়া বজাৰত যোৱা কালি দেওবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে নয়া বজাৰৰ গণেশ দেৰ বাসগৃহত থকা ৭ টাকৈ ভাড়া ৰুম । প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় অগ্নিকাণ্ডটোত । ভাড়া ৰুমত থকা সম্পত্তি সমূহৰ লগতে এখন স্কুটি জাহ যায় অগ্নিকাণ্ডটোত ।

বৰ্তমানলৈকে অগ্নিকাণ্ডতোৰ কাৰণ জানিব পৰা হোৱা নাই । জুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজৰ সহযোগত কিছু পৰিমানে অগ্নি নিৰ্বাপন কৰা হয় । স্থানীয় ৰাইজে অগ্নিনিৰ্বাপন কৰাৰ কিছু পাছত হে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনা স্থলীত উপস্থিত হয় । শেষত স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপন কৰা হয় । উজনি মাজুলীৰ জেংৰাইমুখত থকা অগ্নিনিৰ্বাপক বাহিনীৰ অফিচৰ পৰা নয়াবজাৰলৈ দূৰত্ব হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ কিছু পলম হয় সেইবাবে উজনি মাজুলীৰ ৰাইজে নয়াবজাৰত এটা অগ্নিনিৰ্বাপক বাহিনীৰ অফিচ স্থাপনৰ দাবী জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande