
মৰিগাঁও,০৯ নৱেম্বৰ (হি.স.): দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে মৰিগাঁৱৰ নাওকটাত কালি সন্ধিয়া সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। ফটকা ফুটোৱাৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
জানিব পৰা মতে, প্ৰথমে এডোখৰ খেৰৰ মেজিত জুই লাগে। পৰৱৰ্তী সময়ত জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ ধাৰণ কৰি অঞ্চলটোৰ বহু সামগ্ৰীৰ ক্ষতিসাধন কৰে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ যথেষ্ট চেষ্টা কৰি জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অৱশ্যে অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ