
মুম্বাই, ০৬ নৱেম্বৰ (হি.স.)। ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ২০২৬-২৭ ছিজনৰ দুৰ্বল আৰম্ভণিৰ পিছত মুম্বাই চিটি এফ চি আৰু ভাৰতীয় প্ৰাক্তন প্ৰশিক্ষক মানোলো মাৰ্কেজে বুজাবুজিৰে পৃথক হ‘বলৈ সন্মত হৈছে। শুকুৰবাৰে ক্লাবটোৱে এই আনুষ্ঠানিক ঘোষণা কৰে। ইয়াৰ পূৰ্বে মাৰ্কেজে হায়দৰাবাদ এফ চি আৰু ভাৰতীয় জাতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
মুম্বাই চিটি এফ চিয়ে এই ছিজনত চাৰ্চিল ব্ৰাদাৰ্ছৰ বিৰুদ্ধে পৰাজয়ৰ জৰিয়তে অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পিছতে ঘৰুৱা ক্ষেত্ৰত স্প’ৰ্টিং ক্লাব দিল্লীয়ে স্তম্ভিত কৰি তুলিছিল। আন দুখন খেলত দলটোৱে কেৰালা ব্লাষ্টাৰছ আৰু পঞ্জাব এফ চিৰ বিৰুদ্ধে ড্ৰ’ কৰিবলৈ সক্ষম হয়।
ক্লাবটোৰ ফুটবল সঞ্চালক সুজয় শৰ্মাই এক আনুষ্ঠানিক বিবৃতিত কয় যে আই এছ এলৰ প্ৰতিটো ক্লাবৰ দৰেই আমিও এই ছিজনত ভাৰতীয় ফুটবলৰ এক নতুন পৰ্যায়ৰ মাজেৰে পাৰ হৈছো। বহু দিশত ভাৰতীয় ফুটবলৰ শীৰ্ষ স্তৰৰ বাবে এয়া এক নতুন আৰম্ভণি।
তেওঁ আৰু কয়, ভাৰতীয় ফুটবলৰ অভিজ্ঞতা আৰু কৃতিত্বৰ বাবেই আমি মানোলোক ক্লাবলৈ লৈ আহিছো। এতিয়া আমাৰ সম্পূৰ্ণ মনোযোগ প্ৰথম দলটোক সমৰ্থন কৰা আৰু চলিত ছিজনৰ বাবে আমাৰ লক্ষ্যত উপনীত হোৱাত। দল আৰু প্ৰশিক্ষকৰ ব্যৱস্থা সম্পৰ্কে অধিক তথ্য সময়ত ক্লাবৰ অফিচিয়েল চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰা হ'ব ।
২০২২ চনত হায়দৰাবাদ এফ চিক প্ৰথম আৰু একমাত্ৰ আই এছ এল খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে মাৰ্কেজে । তাৰ পিছত ২০২৫ আৰু ২০২৫-২৬ ছিজনত একেৰাহে দুটাকৈ ছুপাৰ কাপ খিতাপ জয় কৰাত এফ চি গোৱাৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অৱশ্যে মুম্বাই চিটিৰ সৈতে তেওঁৰ কাৰ্যকাল আশা কৰা ধৰণে আৰম্ভ হোৱা নাছিল ।
চাৰ্চিল ব্ৰাদাৰ্ছৰ বিৰুদ্ধে উদ্বোধনী মেচত পৰাস্ত হোৱাৰ পিছত মাৰ্কেজে দলটোৱে প্ৰস্তুতি চলাবলৈ পৰ্যাপ্ত প্ৰি-ছিজন মেচৰ অভাৱত অসন্তুষ্টি প্ৰকাশ কৰে । মেচৰ পিছত সম্প্ৰচাৰকসকলৰ সৈতে হোৱা কথা-বতৰাত স্পেনিছ প্ৰশিক্ষকগৰাকীয়ে কয় যে, আমাৰ প্ৰি-ছিজনটো আছিল কৌতুক। ক্লাবে এটাও শক্তিশালী মেচ আয়োজন কৰিব পৰা নাছিল। আমি খেলা সকলো মেচেই আছিল মিছা । এইখন আছিল আমাৰ প্ৰথমখন মেচ আছিল শক্তিশালী দলৰ বিৰুদ্ধে, আৰু দুৰ্ভাগ্যজনকভাৱে আমি পৰাস্ত হৈছিলো ।
মুম্বাই চিটিৰ পৰা মাৰ্কেজৰ বিদায়ৰ লগে লগে ভাৰতীয় ফুটবলৰ ছবছৰীয়া প্ৰশিক্ষক জীৱনৰ অন্ত পৰিল। এই সময়ছোৱাত তেওঁ ক্লাব পৰ্যায়ত উল্লেখযোগ্য সফলতা লাভ কৰাৰ লগতে ভাৰতীয় জাতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপেও কিছু সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল।
ভাৰতীয় দলৰ সৈতে তেওঁৰ চমু কাৰ্যকালত ব্লু টাইগাৰছে আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত মালদ্বীপক পৰাস্ত কৰে । কিন্তু প্ৰতিযোগিতামূলক জয়ৰ অভাৱত অৱশেষত তেওঁ পাৰস্পৰিক সন্মতিৰে ভাৰতীয় দলৰ পৰা আঁতৰি যায়।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ