
ধুবুৰী, ০৪ নৱেম্বৰ (হি.স.)। গণতন্ত্ৰ বচাওক, অৰাজকতা হটাওক! এই শ্লোগানেৰে গোলকগঞ্জত আজি বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰিলে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে। কেইবা সহস্ৰাধিক বিজেপি নেতা-কৰ্মী আৰু সমৰ্থকৰ অংশগ্ৰহণত উত্তাল হৈ পৰে গোলকগঞ্জৰ ৰাজপথ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ নেতৃত্বত বাহিৰ কৰা হয় এই বিশাল প্ৰতিবাদী সমদল। এই সমদল গোলকগঞ্জৰ চিলাৰায় হৰিমন্দিৰৰ আৰম্ভ হৈ গোলকগঞ্জ বজাৰৰ মাজমজিয়াৰে গৈ গংগাধৰ নৈৰ সিপাৰৰ কানুৰীত গৈ সমাপ্ত হয়।
ধুবুৰী জিলাৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা বিজেপিৰ নেতা-কৰ্মীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ তথা বিৰোধী দলসমূহৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা বিজেপিৰ নেতা-কৰ্মীসকলে দেশৰ গণতন্ত্ৰ ৰক্ষা আৰু অৰাজকতা সৃষ্টিৰ অপচেষ্টাৰ বিৰুদ্ধে সৰৱ হৈ পৰে।ইফালে, প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে কংগ্ৰেছ তথা বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে।
মন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে যে ভাৰতবৰ্ষত কংগ্ৰেছ, বিৰোধী দলসমূহৰ লগতে একাংশ অপশক্তিয়ে দেশত অৰাজকতা সৃষ্টি কৰাৰ উদ্দেশ্যে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। কিন্তু এনে ষড়যন্ত্ৰত তেওঁলোক কেতিয়াও সফল হ'ব নোৱাৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে। সামগ্ৰিক ভাৱে, গোলকগঞ্জত বিজেপিৰ এই বিশাল প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি ধুবুৰী জিলাৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে বিশেষ চৰ্চা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ