
কাঠমাণ্ডু, ০৪ নৱেম্বৰ (হি.স.)। ভাৰতৰ সংলগ্ন নেপালী সীমান্ত অঞ্চল ৰূপাণ্ডেহীত উদ্ধাৰ হৈছে গুজৰাটৰ পঞ্জীয়ন নম্বৰ প্লেট থকা এখন ভাৰতীয় মাৰ্চিডিজ গাড়ী।
ৰূপাণ্ডেহী আৰক্ষীয়ে ভাৰতীয় পঞ্জীয়ন নম্বৰ থকা এখন মাৰ্চিডিজ গাড়ী উদ্ধাৰ কৰিছে। ৰূপাণ্ডেহী জিলা আৰক্ষী কাৰ্যালয়ৰ তথ্য অনুসৰি মঙলবাৰে সিদ্ধাৰ্থনগৰ পৌৰসভাৰ বাসদিলৱাৰ পৰা ভাৰতীয় পঞ্জীয়ন নম্বৰ থকা গাড়ীখন উদ্ধাৰ কৰে। গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হৈছে জিজে ২১ চিবি ৬০০১।
আৰক্ষীয়ে জনোৱা মতে, গাড়ীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষী পৰিদৰ্শক চন্দ্ৰকশোৰ শ্বাহে জনোৱা মতে, দীৰ্ঘদিন ধৰি খালী প্লটত গাড়ীখন পৰিত্যক্ত কৰি ৰখাৰ তথ্য লাভ কৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীৰ মতে উদ্ধাৰ হোৱা গাড়ীখনৰ আনুমানিক মূল্য ₹৯০ লাখ। গাড়ীখনৰ যাৱতীয় তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে ভৈৰহাৱাৰ বেলহিয়া শুল্ক কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ