
মুম্বাই, ০৪ নৱেম্বৰ (হি.স.)। বলীউডৰ বিখ্যাত গায়িকা কণিকা কাপুৰে স্বামী তথা ব্যৱসায়ী গৌতম হাতীৰমণিৰ সৈতে বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। ২০২২ চনত লণ্ডনত এক ব্যক্তিগত অনুষ্ঠানত দুয়োৰে বিবাহপাশত আবদ্ধ হয়।বিবাহৰ প্ৰায় চাৰি বছৰৰ পিছত কণিকাই তেওঁলোকৰ বিচ্ছেদৰ খবৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। অৱশ্যে বিচ্ছেদৰ কাৰণ প্ৰকাশ নকৰিলে তাই। এই কঠিন সময়ত অনুৰাগী আৰু আপোনজনকো তেওঁৰ গোপনীয়তাক সন্মান কৰিবলৈ আহ্বান জনায়।
কনিকাই নিজৰ পোষ্টটোত লিখিছে, প্ৰিয় বন্ধু-বান্ধৱী আৰু পৰিয়াল, বহু বিবেচনাৰ অন্তত মোৰ স্বামী আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি একেলগে কটোৱা সময়খিনিৰ বাবে কৃতজ্ঞ আৰু তেওঁৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো। আগুৱাই গৈ আপোনালোক সকলোকে অনুৰোধ জনাইছো যে আমাৰ গোপনীয়তাক সন্মান কৰক আৰু কিছু বুজাবুজি দেখুৱাওক। এই খবৰটো তাইৰ ঘোষণাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম।
গৌতমৰ লগত এইয়া আছিল কণিকা দ্বিতীয় বিবাহ। গায়িকাগৰাকীয়ে ইয়াৰ পূৰ্বে গৌতমক প্ৰায় ১৫ বছৰ ধৰি চিনি পোৱা বুলি উল্লেখ কৰিছিল আৰু বিয়াৰ পূৰ্বে তেওঁলোক ভাল বন্ধু আছিল। কনিকাৰ মতে, প্ৰথমে ২০১৪ চনত গৌতমক বিয়া কৰাবলৈ কয় আৰু তাৰ পিছত ২০২০ চনত পুনৰ বিয়া কৰাবলৈ কয়।২০২১ চনৰ আগষ্ট মাহত গৌতমে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল, আৰু ২০২২ চনত দুয়োৰে বিবাহ হয়।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ