পীয়ুষ গোৱেলৰ জয়পুৰত বাণিজ্য ভৱন আৰু উদ্যোগ ভৱন উদ্বোধন
নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বুধবাৰে জয়পুৰত বাণীজ্য ভৱন আৰু উদ্যোগ ভৱন ভাৰ্চুৱেলি উদ্বোধন কৰে । এই উপলক্ষে দিয়া ভাষণত গোৱেলে কয় যে এই কেন্দ্ৰসমূহে ব্যৱসায় আৰু উদ্যোগসমূহক উন্নত ভাৰত ২০৪৭
जयपुर में 'वाणिज्य भवन' और 'उद्योग भवन' का वर्चुअल उद्घाटन करते हुए पीयूष गोयल


নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বুধবাৰে জয়পুৰত বাণীজ্য ভৱন আৰু উদ্যোগ ভৱন ভাৰ্চুৱেলি উদ্বোধন কৰে । এই উপলক্ষে দিয়া ভাষণত গোৱেলে কয় যে এই কেন্দ্ৰসমূহে ব্যৱসায় আৰু উদ্যোগসমূহক উন্নত ভাৰত ২০৪৭ৰ দিশত আগবাঢ়ি যোৱাতো সহায় কৰিব।

এই পদক্ষেপৰ বাবে বাণিজ্য বিভাগ আৰু উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগক অভিনন্দন জনাই গোৱেলে কয় যে এই প্ৰকল্পসমূহ সমগ্ৰ দেশতে বিশেষকৈ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত এই ধাৰণাটো ৰূপায়ণৰ দিশত দ্ৰুত পদক্ষেপৰ আৰম্ভণি হ’ব লাগে। তেওঁ কয় যে এই কেন্দ্ৰসমূহে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক সহায় কৰাৰ বাবে হাব হিচাপে কাম কৰিব। ইয়াৰ উপৰিও ৰপ্তানি, বিনিয়োগ, আৰু আভ্যন্তৰীণ বাণিজ্যক প্ৰসাৰিত কৰাৰ সৈতে জড়িত কাৰ্য্যকলাপৰ বাবে এক ষ্টপ কেন্দ্ৰ হিচাপে কাম কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমান মন্ত্ৰালয়ৰ প্ৰায় ৫০০টা কাৰ্যালয় আৰু ৪৬টা সংস্থা আছে। অতি বৃহৎ কমপ্লেক্সৰ বাহিৰে, যেনে মুম্বাইৰ ইচিজিচিৰ কাৰ্যালয়, যিয়ে স্বতন্ত্ৰভাৱে কাম কৰি যাব, বাকী সকলো কাৰ্যালয় সহ-অৱস্থিত হ’ব। তেওঁ স্পষ্ট কৰি দিয়ে যে এই সহ-অৱস্থিত কেন্দ্ৰসমূহে কেৱল তাত অৱস্থিত সংস্থাসমূহকে নহয়, মন্ত্ৰালয়ৰ অধীনস্থ ৪৬টা সংগঠন আৰু বিভিন্ন বিভাগৰ সকলোকে সেৱা আগবঢ়াব।

ইয়াৰ দ্বাৰা মন্ত্ৰালয় আৰু ইয়াৰ সংশ্লিষ্ট আৰু সংযুক্ত সংস্থাসমূহৰ কাৰ্যালয়সমূহ এক চালিৰ তললৈ অনাৰ আৰম্ভণি হয়। এই সকলোবোৰ কাৰ্যালয় একেখন চালিৰ তলত থকা প্ৰথমখন চহৰ আৰু প্ৰথমখন ৰাজ্যৰ ৰাজধানী হিচাপে পৰিগণিত হৈছে জয়পুৰ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande