
মুম্বাই, ২৮ নৱেম্বৰ (হি.স.)। শ্বাহৰুখ খানৰ আগন্তুক ছবি কিংৰ নতুন গীত ডেডী কুল (কিং ভাৰ্চন) মুক্তি পালে। এই গীতটোত শ্বাহৰুখ খানৰ সৈতে কৰীনা কাপুৰ খানকো দেখা গৈছে। বিশেষ কথাটো হ’ল প্ৰায় ১৫ বছৰৰ পাছত পুনৰ পৰ্দাত একত্ৰিত হৈছে দুয়োগৰাকী শিল্পী। গীতটোত তেওঁলোকৰ আচৰিত কেমেষ্ট্ৰী আৰু নৃত্যৰ গতি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ পূৰ্বে শ্বাহৰুখৰ ৰোমান্টিক আৰু একচন অৱতাৰ ছবিখনৰ গীত তু মিল জায়েত প্ৰদৰ্শিত হৈছিল।
বনী এমৰ জনপ্ৰিয় গীত ডেডী কুল পুনৰ সৃষ্টি হৈছে বলীউডৰ নতুন শৈলীত। শচীন-জিগাৰে সংগীত ৰচনা কৰিছিল, অৰিজিত সিং আৰু শিল্পা ৰাৱে কণ্ঠদান কৰিছিল। হিন্দী গীতৰ কথা কুমাৰে লিখিছিল আৰু নৃত্য পৰিচালনা কৰিছিল বৈভৱী মাৰ্চেণ্টে। শ্বাহৰুখক তেওঁৰ চিগনেচাৰ ষ্টাইলত নৃত্য কৰা দেখা গৈছে, আনহাতে কৰীনাই নিজৰ ষ্টাইল আৰু হাঁওভাওৰে গীতটোৰ মনোমোহাতা বৃদ্ধি কৰিছে। মূলৰ পৰিচয় বজাই ৰখাৰ লগতে ইয়াত নতুন সংগীত আৰু সুৰৰ বৈশিষ্ট্য আছে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৭০০ৰো অধিক কন্টেন্ট ক্ৰিয়েটৰ উপস্থিত থকা মেটাৰ হাউছ অৱ ইনষ্টাগ্ৰাম ২০২৬ অনুষ্ঠানত ডেডি কুল (কিং ভাৰ্চন) উন্মোচন কৰা হয়। সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত কিংৰ প্ৰযোজক ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু মাৰ্ফ্লিক্স পিকচাৰ্ছৰ। ২০২৬ চনৰ ২৪ ডিচেম্বৰত বিশ্বৰ চিনেমাগৃহত মুক্তি লাভ কৰিব এই ছবিখন জি মিউজিক কোম্পানী আৰু টি ছিৰিজৰ ইউটিউব চেনেলত উপলব্ধ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া