
কাঠমাণ্ডু, ২৭ নৱেম্বৰ (হি.স.)। ভাৰতৰ টাটা পাৱাৰ আৰু নেপালৰ চৌধুৰী গ্ৰুপে (চিজি) নেপালৰ শক্তি খণ্ডৰ উন্নয়ন আৰু দেশৰ ভৱিষ্যত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে ।
টাটা পাৱাৰৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া (এম ডি এণ্ড চি ই অ’) প্ৰবীৰ সিনহাৰ সৈতে চৌধুৰী গ্ৰুপৰ পৰিচালন সঞ্চালক নিৰ্ভান চৌধৰীয়ে সিংদুৰবৰত শক্তি, জলসম্পদ আৰু জলসিঞ্চন মন্ত্ৰী বিৰাজভক্ত শ্ৰেষ্ঠক সাক্ষাৎ কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত এই বৈঠকৰ সবিশেষ শ্বেয়াৰ কৰে নিৰ্ভান চৌধুৰীয়ে। শক্তি খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত মন্ত্ৰী শ্ৰেষ্ঠৰ জ্ঞান আৰু ইতিবাচক দৃষ্টিভংগীক তেওঁ প্ৰশংসা কৰে।
চৌধুৰীয়ে কয় যে চি জি এনাৰ্জী আৰু টাটা পাৱাৰে নেপালৰ শক্তি খণ্ডৰ পৰৱৰ্তী পৰ্যায়ৰ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত লিখিছে, “টাটা পাৱাৰ আৰু চিজি এনাৰ্জীয়ে নেপালৰ ভৱিষ্যত উন্নয়ন আৰু অৰ্থনৈতিক বৃদ্ধিত ইন্ধন যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”
দুয়োটা গোটৰ মাজত প্ৰস্তাৱিত সহযোগিতাই নেপালৰ শক্তি খণ্ডত বিনিয়োগ, আন্তঃগাঁথনি উন্নয়ন, আৰু দীৰ্ঘম্যাদী কৌশলগত অংশীদাৰিত্বৰ সম্ভাৱনা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ