৯ ডিচেম্বৰৰ পৰা কায়ৰোত অনুষ্ঠিত হ’ব উদ্বোধনী এফ আই এইচ ইউথ হকী ৫ এ চাইড বিশ্বকাপ
–ভাৰতীয় পুৰুষ দলটোক বাংলাদেশ, ছুইজাৰলেণ্ড, আৰু চিলিৰ সমান্তৰালকৈ পুল বিত স্থান –পুল এত মহিলা দলটোৱে ইজিপ্ত, ব্ৰাজিল আৰু কাজাখাস্তানৰ বিৰুদ্ধে খেলিব নতুন দিল্লী, ২৭ নৱেম্বৰ (হি স)। উদ্বোধনী এফ আই এইচ যুৱ হকী ৫-এ-ছাইড বিশ্বকাপ ২০২৬ৰ সময়সূচী ঘোষণ
काहिरा में नौ दिसंबर से होगा पहला एफआईएच यूथ हॉकी5एस विश्व कप


–ভাৰতীয় পুৰুষ দলটোক বাংলাদেশ, ছুইজাৰলেণ্ড, আৰু চিলিৰ সমান্তৰালকৈ পুল বিত স্থান

–পুল এত মহিলা দলটোৱে ইজিপ্ত, ব্ৰাজিল আৰু কাজাখাস্তানৰ বিৰুদ্ধে খেলিব

নতুন দিল্লী, ২৭ নৱেম্বৰ (হি স)। উদ্বোধনী এফ আই এইচ যুৱ হকী ৫-এ-ছাইড বিশ্বকাপ ২০২৬ৰ সময়সূচী ঘোষণা কৰা হৈছে। ইজিপ্তৰ ৰাজধানী কায়ৰোত অহা ৯ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই ঐতিহাসিক প্ৰতিযোগিতাত ভাৰতীয় পুৰুষ আৰু মহিলা দলে বিশ্বৰ উদীয়মান যুৱ হকী প্ৰতিভাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।

চলিত বৰ্ষৰ জুলাই মাহত ওমানৰ মাস্কাত অনুষ্ঠিত হোৱা ইউথ হকী ৫ এ চাইড এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে এই ঐতিহাসিক প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। ভাৰতীয় যুৱ পুৰুষ দলে স্বৰ্ণ পদক লাভ কৰি বিশ্বকাপত নিজৰ স্থান নিশ্চিত কৰাৰ বিপৰীতে মহিলা দলে ৰূপৰ পদক লাভ কৰি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। দুয়োটা শাখাতে প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতে।

পুৰুষৰ শাখাত ভাৰতে বাংলাদেশ, ছুইজাৰলেণ্ড, আৰু চিলিৰ সমান্তৰালভাৱে পুল বিত স্থান লাভ কৰিছে। ভাৰতীয় যুৱ দলটোৱে মহাদেশীয় প্ৰতিযোগিতাত লাভ কৰা সফলতাৰ ওপৰত নিৰ্ভৰ কৰি বিশ্বকাপৰ প্ৰথম সংস্কৰণত শক্তিশালী প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰিব।

ভাৰতীয় মহিলা দলটোক আয়োজক ইজিপ্ত, ব্ৰাজিল, আৰু কাজাখস্তানৰ সৈতে পুল এত স্থান দিয়া হৈছে। মাস্কাটত ৰূপৰ পদক লাভ কৰি বিশ্বকাপৰ বাৰ্থ নিশ্চিত কৰা ভাৰতীয় মহিলা দলটোৱে বিশ্ব মঞ্চত নিজৰ প্ৰদৰ্শন আৰু অধিক উন্নত কৰি খিতাপ দৌৰত প্ৰৱেশ কৰাৰ লক্ষ্য ৰাখিব।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উদীয়মান হকী প্ৰতিভাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। যুৱ খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পাব আৰু দ্ৰুতগতিত ফাইভ এ চাইড ফৰ্মেটত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব।

১১ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ছেমিফাইনেল, আনহাতে ১২ ডিচেম্বৰত পদক মেচ অনুষ্ঠিত হ’ব। একেদিনাই কায়ৰোত উদ্বোধনী যুৱ পুৰুষ আৰু যুৱ মহিলা হকী ৫ এ চাইড বিশ্ব চেম্পিয়নৰ সিদ্ধান্ত লোৱা হ’ব।

হকী ইণ্ডিয়াৰ মহাসচিব ভোলানাথ সিঙে দুয়োটা দলৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰতিযোগিতাৰ আগত শুভেচ্ছা জনায়। তেওঁ কয়, প্ৰথম এফ আই এইচ যুৱ হকী ৫-এ-ছাইড বিশ্বকাপত খেলাটো আমাৰ দুয়োটা দলৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব। চলিত বৰ্ষৰ আৰম্ভণিতে মাস্কাটত তেওঁলোকৰ প্ৰদৰ্শনে তেওঁলোকৰ সম্ভাৱনা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে। আমি কায়ৰোত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলক শুভেচ্ছা জনাইছো। আমি আত্মবিশ্বাসী যে তেওঁলোকে নিজৰ প্ৰদৰ্শনেৰে দেশখনক গৌৰৱান্বিত কৰিব।

ভাৰতৰ মেচ সূচী

মহিলাৰ (পুল এ)

৯ ডিচেম্বৰ : ভাৰত বনাম ব্ৰাজিল (১২:০০ বজাত আইএছটি)।

৯ ডিচেম্বৰ : ভাৰত বনাম ইজিপ্ত (১১:২০ বজাত আইএছটি)।

১০ ডিচেম্বৰ : ভাৰত বনাম কাজাখস্তান (৪:০০ বজাত আইএছটি)।

পুৰুষৰ (পুল বি)

৯ ডিচেম্বৰ : ভাৰত বনাম বাংলাদেশ (৪:০০ বজাত আইএছটি)।

১০ ডিচেম্বৰ : ভাৰত বনাম ছুইজাৰলেণ্ড (১২:৪০ বজাত আইএছটি)।

১০ ডিচেম্বৰ : ভাৰত বনাম চিলি (৮:০০ বজাত আইএছটি)।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande