'জনসংখ্যাৰ অ সমানুপাতিক সম্প্ৰসাৰণ বন্ধ নকৰিলে হিন্দুসকল সংখ্যালঘু হৈ পৰিব
পানাজী, ২৭ নৱেম্বৰ (হি.স.)। ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱ ( আই এফ এফ আই) ৰ আজিৰ দিনটোত জনসংখ্যাগত পৰিৱৰ্তন আৰু ইয়াৰ দীঘলীয়া প্ৰভাৱসমূহৰ ওপৰত আধাৰিত গুৰুত্বপূৰ্ণ ডকুমেন্টাৰী ''ডেম''গ্ৰাফি ইজ ডেষ্টিনী'' প্ৰদৰ্শন কৰা হয়। ইয়াত সতর্কতা দ
'জনসংখ্যাৰ অ সমানুপাতিক সম্প্ৰসাৰণ বন্ধ নকৰিলে হিন্দুসকল সংখ্যালঘু হৈ পৰিব


পানাজী, ২৭ নৱেম্বৰ (হি.স.)। ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱ ( আই এফ এফ আই) ৰ আজিৰ দিনটোত জনসংখ্যাগত পৰিৱৰ্তন আৰু ইয়াৰ দীঘলীয়া প্ৰভাৱসমূহৰ ওপৰত আধাৰিত গুৰুত্বপূৰ্ণ ডকুমেন্টাৰী 'ডেম'গ্ৰাফি ইজ ডেষ্টিনী' প্ৰদৰ্শন কৰা হয়। ইয়াত সতর্কতা দিয়া হৈছে যে যদি জনসংখ্যাৰ অৰিহনীয় বৃদ্ধি অব্যাহত থাকে তেন্তে অহা ৩০-৩৫ বছৰৰ ভিতৰতে ভাৰতীয় স্থানীয় জনগোষ্ঠী সংখ্যালঘু হৈ পৰিব।

প্ৰখ্যাত উদ্যোগী তথা হিন্দুস্থান সমাচাৰৰ নিৰ্দেশক ৰবীন্দ্ৰ সংঘৱীৰ প্ৰযোজনা আৰু কামাখ্যা নাৰায়ণ সিং আৰু অংশুমান শেখৰৰ পৰিচালনাত নিৰ্মিত এই তথ্যচিত্ৰখনে দৰ্শকক দীৰ্ঘম্যাদী জনগাঁথনিগত প্ৰৱণতা আৰু ইয়াৰ প্ৰভাৱ ৰাষ্ট্ৰীয় স্থিতিশীলতা, সাংস্কৃতিক ধাৰাবাহিকতা, সমাজৰ ভৱিষ্যতৰ ওপৰত গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনাইছে।

জনগাঁথনিগত পৰিৱৰ্তনে যিকোনো জাতিৰ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ভৱিষ্যতত কেনে প্ৰভাৱ পেলায়, সেই বিষয়ে ছবিখনে অন্বেষণ কৰিছে।

ঐতিহাসিক লোকপিয়লৰ তথ্যৰ পৰা আৰম্ভ কৰি এই তথ্যচিত্ৰখনে ১৯ শতিকাৰ শেষৰ ফালৰ পৰা বৰ্তমানলৈকে ভাৰতৰ জনসংখ্যাৰ গাঁথনিৰ পৰিৱৰ্তনৰ সন্ধান কৰিছে। ই বিভাজনৰ দৰে ডাঙৰ ঐতিহাসিক পৰিঘটনাসমূহৰ ওপৰত এই পৰিবৰ্তনসমূহৰ প্ৰভাৱৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰে।

তথ্যচিত্ৰখনৰ সামৰণিত এটা স্পষ্ট বাৰ্তা দিয়া হৈছে যে দেশৰ ভাগ্যক নিৰাপদ আৰু সঠিকভাৱে গঢ় দিয়াৰ বাবে জনসচেতনতা আৰু সময়োপযোগী, উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। তথ্যচিত্ৰখনত সকীয়াই দিয়া হৈছে যে যদি সময়মতে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে ২০৫০ চনৰ পৰা ২০৬০ চনৰ ভিতৰত হিন্দু জনসংখ্যা ৫০ শতাংশতকৈও কমলৈ হ্ৰাস পাব।

উল্লেখযোগ্য যে তথ্যচিত্ৰখনৰ সহ-পৰিচালক কামাখ্যা নাৰায়ণ সিং জাষ্টিচ ডিলেইড বাট ডেলিভাৰড (২০২০), ভোৰ: ডন (২০১৮), আৰু দ্য কেৰেলা ষ্ট'ৰী ২ গ'জ বিয়ণ্ড (২০২৬) আদি ছবিৰ বাবে পৰিচিত হোৱাৰ বিপৰীতে অংশুমান শেখৰে এ ট্ৰিবিউট টু দ্য লেট শ্ৰী মনোহৰ পাৰিকৰ (২০১৯) পৰিচালনাৰ বাবে পৰিচিত ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande