
- ৰঙা পতাকাৰ প্ৰতিবাদৰ বাবে ভাৰত এৰি গৈছিল অৰ্ধপৰিবাহী কোম্পানী: প্ৰধানমন্ত্ৰী
খড়গপুৰ, ২১ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে আই আই টি খড়গপুৰৰ প্লেটিনাম জয়ন্তী উদযাপনত বাওঁপন্থী দলসমূহে ঔদ্যোগিক উন্নয়নত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে অৰ্ধপৰিবাহী চিপ নিৰ্মাতা কোম্পানীসমূহ প্ৰায় পাঁচ দশক পূৰ্বে ভাৰতলৈ আহিছিল যদিও ৰঙা পতাকা দেখুৱাই যাবলৈ বাধ্য কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক সীমা ঠেলি দিবলৈ, নতুন লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ, আৰু সেই লক্ষ্যত উপনীত হ’বলৈ আহ্বান জনায়।
আই আই টি খড়গপুৰৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰে এক বিশেষ স্মৃতি মুদ্ৰা। ইয়াৰ পিছত তেওঁ উন্নত ভাৰতৰ ৭৫ কণ্ঠ পদক্ষেপৰ অধীনত ৭৫ জন ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। উদযাপনৰ সময়ত তেওঁ তেওঁলোকৰ অধ্যয়ন, ভৱিষ্যতৰ পৰিকল্পনা, দেশৰ উন্নয়নত তেওঁলোকৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে। ইয়াৰ পিছতে তেওঁ মূল অনুষ্ঠানত ভাষণ দিয়ে।
ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আই আই টি খড়গপুৰৰ গৌৰৱময় ইতিহাসৰ কথা উল্লেখ কৰি কয় যে দেশৰ অতীত, বৰ্তমান, ভৱিষ্যত এই প্ৰতিষ্ঠানত প্ৰতিফলিত হৈছে। ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত আই আই টি খড়গপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।তেওঁ কয় যে অহা দুটা দশক ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰ প্ৰথম নীতি গ্ৰহণ কৰি দেশৰ উন্নয়নত অৰিহণা যোগাব লাগে।
প্ৰধানমন্ত্ৰীয়ে কয় যে আই আই টি খড়গপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে ষ্টাৰ্টআপ, মহাকাশ, প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আছে। অৰ্ধপৰিবাহী উদ্যোগৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰায় পাঁচ দশকৰ আগতে ভাৰতত চিপ নিৰ্মাণৰ সম্ভাৱনা আছিল যদিও প্ৰচলিত পৰিস্থিতি আৰু বিৰোধিতাৰ বাবে কোম্পানীসমূহে পিছুৱাই যাবলগীয়া হৈছিল। তেওঁ কয় যে পলমকৈ আৰম্ভ হোৱাৰ পিছতো ভাৰতে এতিয়া চিপছ ৰপ্তানি কৰি আছে।
লগতে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ নাম নোলোৱাকৈ সমালোচনা কৰে। তেওঁ কয় যে প্ৰায় পাঁচ দশক পূৰ্বে লালকিল্লাৰ পৰাই দৰিদ্ৰতা নিৰ্মূলৰ শ্লোগান দিয়া হৈছিল যদিও দৰিদ্ৰতা নিৰ্মূলৰ বাবে প্ৰয়োজনীয় নীতিগত সিদ্ধান্ত লোৱা হোৱা নাছিল। বহু আঁচনি চৰকাৰী ফাইলতে আবদ্ধ হৈ থাকিল। তেওঁ কয় যে শৌচাগাৰ নিৰ্মাণ আৰু উজ্জ্বলা যোজনাৰ দৰে কেইবাটাও পদক্ষেপ দৰিদ্ৰ লোকৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে ৰূপায়ণ কৰা হৈছে।
দেশত উৎপাদন বৃদ্ধি আৰু প্ৰযুক্তিগত স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে চিপৰ পৰা আৰম্ভ কৰি জাহাজলৈকে প্ৰতিটো ক্ষেত্ৰতে নিজাববীয়াকৈ সামগ্ৰী নিৰ্মাণ কৰিব।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ