
জম্মু, ২১ নৱেম্বৰ (হি.স.)। জম্মুৰ মূল বাছ ষ্টেণ্ডৰ সমীপত শনিবাৰে পুৱা সন্দেহজনক পৰিস্থিতিত উদ্ধাৰ হয় ছুটীৰ পাছত নিজৰ পোষ্টিঙলৈ উভতি অহা জোৱানৰ মৃতদেহ । নিহত জোৱানজন ৰামবন জিলাৰ চন্দ্ৰকোট অঞ্চলৰ ধৰ গাঁৱৰ নিবাসী সঞ্জীত সিং (৩১) বুলি জানিব পৰা গৈছে ।
বিষয়াসকলে জনোৱা মতে, জোৱানজনে ছুটীৰ পৰা উভতি আহি গুৰদাসপুৰলৈ আহিছিল, য’ত তেওঁক মোতায়ন কৰা হৈছিল। আজি পুৱা ৫:৪০ বজাত জম্মু বাছ ষ্টেণ্ডৰ সমীপৰ বি চি ৰোডত পৰি থকা জোৱানজনৰ মৃতদেহ উদ্ধাৰ হয় । ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ।
সৈনিকজনৰ পৰিয়ালত তেওঁৰ পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে ।
------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ