
-পশ্চিম বংগৰ আই আই টি খড়গপুৰৰ প্লেটিনাম জয়ন্তী উদযাপনত মুকলি বিশেষ স্মৃতিচাৰণ মুদ্ৰা
নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলক সীমিত চিন্তাধাৰাৰ পৰা মুক্ত হৈ নতুন সম্ভাৱনাৰ সন্ধান, দেশৰ প্ৰত্যাহ্বানসমূহ সমাধানৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আহ্বান জনাইছে। তেওঁ কয় যে আই আই টি খড়গপুৰৰ ১০০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ভিতৰত তেওঁলোকে ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিব লাগে। চিপছৰ পৰা আৰম্ভ কৰি জাহাজলৈকে সকলো ভাৰততে নিৰ্মাণ কৰা হ’ব, আৰু ইয়াত যুৱক-যুৱতীসকলে মুখ্য ভূমিকা পালন কৰিব।
শনিবাৰে প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ আই আই টি খড়গপুৰৰ প্লেটিনাম জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ প্ৰতিষ্ঠানটোৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এটা বিশেষ স্মৃতি মুদ্ৰা মুকলি কৰি ‘৭৫ গৰাকী উন্নত ভাৰতৰ বাবে কণ্ঠ’ পদক্ষেপৰ অধীনত ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। পশ্চিম বংগৰ গৱৰ্ণৰ আৰ.এন. ৰবি, মুখ্যমন্ত্ৰী সুবেন্দু অধিকাৰী, কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰকে ধৰি অন্যান্য নেতা উপস্থিত থাকে।
মোদীয়ে কয় যে আই আই টি খৰগপুৰে ৭৫ বছৰীয়া যাত্ৰাত দেশৰ উন্নয়ন আৰু জাতি-নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই সময়ছোৱাত ভাৰতে ম’হৰ গাড়ীৰ পৰা বুলেট ট্ৰেইনলৈকে, ডাক চিঠিৰ পৰা ছ’চিয়েল মিডিয়ালৈকে যাত্ৰা কৰিছে। এই প্ৰতিষ্ঠানটোৱে সমগ্ৰ ইতিহাসত দেশৰ বৈজ্ঞানিক, প্ৰযুক্তিগত, আৰু ঔদ্যোগিক সামৰ্থ্যক আগুৱাই নিয়াত অৰিহণা যোগাই আহিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া আই আই টি খড়গপুৰ প্ৰতিষ্ঠা হৈছিল তেতিয়া দেশত উদ্যোগ আৰু আন্তঃগাঁথনিৰ বাবে অভিযন্তাৰ প্ৰয়োজন আছিল। পিছলৈ ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ কাৰ্যসূচীৰ লগতে তথ্য প্ৰযুক্তি আৰু চফট্ ৱেৰ উদ্যোগকো আগুৱাই নিয়াত অৰিহণা যোগাইছিল। এতিয়া উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত এই প্ৰতিষ্ঠানটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
তেওঁ যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা, সপোন আৰু ৰাষ্ট্ৰৰ সম্ভাৱনাক সীমিত নকৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰই চিন্তাৰ সীমা ভাঙিলেহে নিজৰ সম্ভাৱনা উপলব্ধি কৰে। অৰ্ধপৰিবাহী খণ্ডৰ উদাহৰণ দি তেওঁ কয় যে ভাৰতত চিপ নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্বে প্ৰশ্ন উত্থাপন হৈছিল যদিও এতিয়া দেশত কেইবাটাও অৰ্ধপৰিবাহীৰ সুবিধা মুকলি হৈছে আৰু ভাৰতেও চিপ ৰপ্তানি আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে ভৱিষ্যতে চিপছৰ পৰা আৰম্ভ কৰি জাহাজলৈকে সকলো দেশতে নিৰ্মাণ কৰা হ’ব।
মহাকাশ খণ্ডত ব্যক্তিগত অংশগ্ৰহণৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে পূৰ্বে মহাকাশ খণ্ডত যুৱক-যুৱতীসকলৰ বাবে সুযোগ সীমিত আছিল যদিও এতিয়া তেওঁলোকৰ বাবে মুকলি কৰা হৈছে। আই আই টি খড়গপুৰৰ প্ৰাক্তন ছাত্ৰ পৱনে স্কাইৰুট এৰ’স্পেচ প্ৰতিষ্ঠা কৰি ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট উৎক্ষেপণত অৰিহণা যোগাইছিল। তেওঁ কয় যে দেশৰ বহু ষ্টাৰ্টআপে মহাকাশ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰিছে।
বিশ্ব বেংকৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১২-১৩ বছৰত ভাৰতৰ প্ৰায় ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। সীমিত চিন্তাধাৰাক অতিক্ৰম কৰি, নতুন নীতি গ্ৰহণ কৰি, দৰিদ্ৰসকলক সবলীকৰণৰ প্ৰচেষ্টাৰে এই পৰিৱৰ্তন সম্ভৱ হৈছে।
তেওঁ কয় যে আই আই টি খড়গপুৰ থকা স্থানত এসময়ত স্বাধীনতা সংগ্ৰামীৰ ডিটেনচন কেম্প আছিল। বংগৰ ভূমিয়ে ধাৰণা আৰু জাতীয় আন্দোলনৰ প্ৰসাৰৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছে। সেই সময়ত স্বাধীনতা সংগ্ৰামীসকলে এই ঠাইৰ পৰাই স্বাধীনতাৰ প্ৰতিশ্ৰুতি দিছিল। আজি এই ভূমিত প্ৰশিক্ষণ লাভ কৰা যুৱক-যুৱতীসকলে তেওঁলোকৰ উদ্ভাৱন আৰু ধাৰণাৰ জৰিয়তে ভাৰতক স্বাৱলম্বী কৰি তোলাত অৰিহণা যোগাইছে।
প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলক প্রথমে জাতিৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে অহা দুটা দশক যুৱক-যুৱতীসকলৰ জীৱন আৰু দেশৰ উন্নয়নৰ বাবে নিৰ্ণায়ক হ’ব। যুৱক-যুৱতীসকলে নিজকে প্ৰশ্ন কৰা উচিত যে কোনবোৰ প্ৰত্যাহ্বান সমাধানত তেওঁলোকে অৰিহণা যোগাব পাৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে আই আই টি খড়গপুৰৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সংকল্প লওক যে যেতিয়ালৈকে প্ৰতিষ্ঠানটোৱে ১০০ বছৰীয়া জয়ন্তী উদযাপন কৰিব তেতিয়ালৈকে ভাৰত এখন উন্নত ৰাষ্ট্ৰত পৰিণত হ’ব।---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ