হংকং অ’পেনঃ সাতৱিক-চিৰাগ ছেমি ফাইনেলত প্ৰৱেশ, কোৱাৰ্টাৰ ফাইনেলত অন্ত পৰিল ৰক্ষিতাৰ যাত্ৰা
হংকং, ২০ নৱেম্বৰ (হি.স.)। ভাৰতীয় পুৰুষৰ ডাবলছ যুটি সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে শুকুৰবাৰে হংকং অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে । জনপ্ৰিয় ভাৰতীয় যুটিটোৱে চীনৰ হু কেয়ুয়ান আৰু লিন ছিয়াংইক ২১-১২, ১৩-২১, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে।
হংকং অ’পেনঃ সাতৱিক-চিৰাগ ছেমি ফাইনেলত প্ৰৱেশ, কোৱাৰ্টাৰ ফাইনেলত অন্ত পৰিল ৰক্ষিতাৰ যাত্ৰা


হংকং, ২০ নৱেম্বৰ (হি.স.)। ভাৰতীয় পুৰুষৰ ডাবলছ যুটি সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে শুকুৰবাৰে হংকং অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে । জনপ্ৰিয় ভাৰতীয় যুটিটোৱে চীনৰ হু কেয়ুয়ান আৰু লিন ছিয়াংইক ২১-১২, ১৩-২১, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে।

এইবাৰ বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ দুটা খিতাপ দখল কৰা সাতৱিক-চিৰাগৰ যুটিয়ে ইয়াৰ পূৰ্বে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিন আয়ুব আৰু টান ৱেই কিয়ঙক ২১-১৯, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

এই ছিজনত দুটাকৈ বি ডব্লিউ এফ ছুপাৰ ৭৫০ খিতাপ দখল কৰা ভাৰতীয় যুটিটোৱে মে’ মাহত ছিংগাপুৰ অ’পেন আৰু ছেপ্টেম্বৰ মাহত চাইনা মাষ্টাৰছত জয়লাভ কৰিছিল। ইয়াৰ উপৰিও থাইলেণ্ড অ’পেনত ৰানাৰ্ছ আপ আছিল। এতিয়া তেওঁলোকে ছিজনটো শক্তিশালীভাৱে সমাপ্ত কৰি বছৰৰ শেষত বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ বিচাৰিব।

আনহাতে, মহিলা একক শাখাত ৰক্ষিতা ৰামৰাজৰ সুন্দৰ অভিযানৰ অন্ত পৰিল কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সৈতে। ১৯-২১, ১৬-২১ ব্যৱধানত পৰাস্ত হয় পৰ্ণপাৱী চ’চুৱঙৰ হাতত।

ৰক্ষিতাই বৃহস্পতিবাৰে টকিঅ’ অলিম্পিক চেম্পিয়ন তথা বৰ্তমানৰ বিশ্বৰ চতুৰ্থ নম্বৰ চীনৰ চেন ইউ ফেইক পৰাস্ত কৰি ডাঙৰ বিচলিত কৰিছিল। চেনক ২১-১৮, ২৪-২২ ব্যৱধানত পোনপটীয়া খেলত পৰাস্ত কৰি তেওঁ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

ইয়াৰ পূৰ্বে বুধবাৰে ডেনমাৰ্কৰ বিশ্বৰ ২০ নম্বৰ মিয়া ব্লিচফেল্ডক ৩৬ মিনিটত ২১-১৮, ২১-১৮ ব্যৱধানত পৰাস্ত কৰি ৰক্ষিতাইও সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় আৰু প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

পুৰুষৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ য়ু টে বিনক পৰাস্ত কৰি বিশ্বৰ প্ৰাক্তন এক নম্বৰ কিদাম্বী শ্ৰীকান্তেও পৰৱৰ্তী ৰাউণ্ডলৈ স্থান লাভ কৰে। ৫৯ মিনিটৰ খেলখনত শ্ৰীকান্তই প্ৰথমখন খেলত পৰাস্ত হৈ উভতি ধৰি ১২-২১, ২১-১৮, ২১-১৪ ব্যৱধানত জয়লাভ কৰে।

এইবাৰ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় মহিলা ডাবলছ যুটি ত্ৰিছা জলী আৰু গায়ত্ৰী গোপিচান্দে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত বাহিৰ হয়। আমেৰিকাৰ লৰেন লেম আৰু এলিছন লীয়ে ২০-২২, ১৩-২১ ব্যৱধানত পৰাস্ত কৰে।

মহিলা একক শাখাতো অশ্মিতা চলিহাই প্ৰাক কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। জাপানৰ হিনা আকেচিৰ হাতত ২১-১৭, ২১-১২ ব্যৱধানত পৰাস্ত হয়।---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande