
নতুন দিল্লী, ১৯ নৱেম্বৰ (হি.স.)। উদ্বোধনী টাইম ১০০ নেক্সট ইণ্ডিয়া তালিকাত অন্তৰ্ভুক্ত হৈছে ভাৰতীয় মহিলা হকী দলৰ প্ৰবীণ গ'লৰক্ষক তথা পদ্মশ্ৰী লাভ কৰা সবিতা। এই তালিকাত ১০০ জন প্ৰভাৱশালী ব্যক্তিক স্বীকৃতি দিয়া হৈছে যিসকলে নিজৰ অৱদান, নেতৃত্ব, বিভিন্ন ক্ষেত্ৰত প্ৰভাৱৰ জৰিয়তে ভাৰতৰ ভৱিষ্যত গঢ় দিছে। এই সন্মানৰ বাবে হকী ইণ্ডিয়াই সবিতাক অভিনন্দন জনায়।
ভাৰতীয় গ'লৰক্ষকগৰাকীক এই তালিকাৰ নেতা শিতানত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় হকীৰ বাবে এয়া এক ডাঙৰ কৃতিত্ব, কিয়নো এই খেলবিধত তেওঁৰ অৱদান আৰু নেতৃত্বক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়া হৈছে। আন কেইবাগৰাকীও বিশিষ্ট ভাৰতীয় ব্যক্তিৰ লগতে উদ্বোধনী টাইম ১০০ নেক্সট ইণ্ডিয়াৰ তালিকাত অন্তৰ্ভুক্ত হৈছে সবিতা। ইয়াৰ ভিতৰত অভিনেতা দিলজিৎ দোছাঞ্জ, বিকি কৌশল, অভিনেত্ৰী আলিয়া ভাট, ভাৰতীয় মহিলা হকী দলৰ কিংবদন্তি হৰমনপ্ৰীত কৌৰ, বক্সাৰ লভলিনা বৰগোহাঁই, যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্য্যবংশী, অলিম্পিকৰ পদক বিজয়ী মিৰাবাই চানু, দবা খেলুৱৈ ডি গুকেশ, টেনিছ তাৰকা ছানিয়া মিৰ্জাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ চেলিব্ৰিটি।
এই কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি সবিতাই কয়, টাইম ১০০ নেক্সট ইণ্ডিয়াৰ প্ৰথম তালিকাত অন্তৰ্ভুক্ত হোৱাটো মোৰ বাবে এক বৃহৎ সন্মান। ভাৰতৰ ভৱিষ্যতলৈ বিভিন্ন ধৰণে অৰিহণা যোগোৱা এনে প্ৰেৰণাদায়ক লোকৰ মাজত অন্তৰ্ভুক্ত হোৱাটো মোৰ বাবে গৌৰৱ আৰু নম্ৰ অনুভৱ হয়।
এই সন্মান কেৱল মোৰ ব্যক্তিগত সন্মান নহয়, ভাৰতীয় হকী, মোৰ সতীৰ্থ, প্ৰশিক্ষক, আৰু মোৰ সমগ্ৰ যাত্ৰাত মোক সহায় কৰা সকলোৰে সন্মান। আশাকৰোঁ ইয়াৰ দ্বাৰা অধিক কণমানি ছোৱালীয়ে খেলা-ধূলা কৰিবলৈ অনুপ্ৰাণিত হ'ব, ডাঙৰ সপোন দেখিব, আৰু বিশ্বাস কৰিব যে তেওঁলোকেও ডাঙৰ মঞ্চত নিজৰ নাম উজলাই তুলিব পাৰে।
হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ তিৰ্কিয়ে সবিতাক এই কৃতিত্বৰ বাবে অভিনন্দন জনাই কয় যে, টাইম ১০০ নেক্সট ইণ্ডিয়া তালিকাত সবিতাৰ অন্তৰ্ভুক্তি ভাৰতীয় হকীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁ সমগ্ৰ কেৰিয়াৰত ব্যতিক্ৰমী দায়বদ্ধতা, যুঁজাৰু মনোভাৱ, আৰু নেতৃত্ব প্ৰদৰ্শন কৰি আমাৰ ক্ৰীড়াৰ এগৰাকী শক্তিশালী প্ৰতিনিধি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।
হকী ইণ্ডিয়াৰ মহাসচিব ভোলানাথ সিঙে কয়, সবিতা আৰু ভাৰতীয় হকীৰ বাবে এয়া এক বৃহৎ সফলতা। বছৰ বছৰ ধৰি তেওঁৰ নিষ্ঠা, ধাৰাবাহিকতা, আৰু অসাধাৰণ প্ৰদৰ্শনে তেওঁক এই ক্ৰীড়াৰ অন্যতম সন্মানীয় খেলুৱৈ হিচাপে গঢ়ি তুলিছে। 'টাইম ১০০ নেক্সট ইণ্ডিয়া'ৰ দৰে এক সন্মানীয় পদক্ষেপত অন্তৰ্ভুক্ত হোৱাটোৱে প্ৰমাণ কৰে যে খেলুৱৈসকলে তেওঁলোকৰ ক্ৰীড়া কৃতিত্বৰ বাহিৰেও সমাজত প্ৰভাৱ পেলাব পাৰে। আমি সবিতা আৰু... তেওঁৰ সফলতাই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিবলৈ কামনা কৰিছো।
সবিতাক ১২ ডিচেম্বৰত 'টাইম ১০০ নেক্সট ইণ্ডিয়া' হিচাপে সন্মানিত কৰা হয়। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া 'টাইম ১০০ নেক্সট ইণ্ডিয়া' গালা ত অংশগ্ৰহণৰ বাবেও আমন্ত্ৰণ জনোৱা হৈছে।
সমাজত ইতিবাচক পৰিৱৰ্তন ঘটোৱা উদীয়মান নেতা আৰু প্ৰভাৱশালী লোকসকলক স্বীকৃতি দিয়াৰ বাবে 'টাইম ১০০ নেক্সট' পদক্ষেপ বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। এইবাৰ একান্তভাৱে ভাৰতত প্ৰৱৰ্তন কৰা হৈছে। ৰিলায়েন্সৰ সহায়ত ই দেশৰ বিভিন্ন অঞ্চলৰ ব্যতিক্ৰমী প্ৰতিভা আৰু পৰিৱৰ্তনকাৰীসকলক একত্ৰিত কৰে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ