
গুৱাহাটী, ১৯ নৱেম্বৰ (হি.স.)। নতুন অসমীয়া ছবি ‘অদৃশ্য’ৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হয়। সমুজ্জ্বল কাশ্যপৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে দৰ্শকৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে।
এই ছবিখনত জনপ্ৰিয় অভিনেতা যতীন বৰা, তপন দাস, প্ৰিয়ম পল্লৱীকে ধৰি কেইবাজনো সুপৰিচিত অভিনেতাই অভিনয় কৰিছে। বিশেষভাৱে অভিনেতা-অভিনেত্ৰী আৰু চলচ্চিত্ৰপ্ৰেমীৰ মাজত এই প্ৰিমিয়াৰ শ্ব’টো উৎসাহী আছিল।
পৰিচালক সমুজ্জ্বল কাশ্যপৰ এই ছবিখনৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে । অহা ২০ নৱেম্বৰত সমগ্ৰ ৰাজ্যৰ চিনেমাগৃহত মুক্তি লাভ কৰিব ‘অদৃশ্য’ ছবিখনত জনপ্ৰিয় অভিনেতাৰ উপস্থিতিয়ে দৰ্শকৰ আশা বৃদ্ধি কৰিছে ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ