

নতুন দিল্লী, ১৭ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে ইজিপ্তৰ নবীকৰণযোগ্য শক্তি কোম্পানী ইনফিনিটি এনাৰ্জীৰ অধ্যক্ষ মহম্মদ ইছমাইল মনছুৰৰ সৈতে কায়ৰোত সাক্ষাৎ কৰে । বৈঠকৰ সময়ত বাহন নিৰ্মাণ আৰু বৈদ্যুতিক বাহনৰ দৰে ক্ষেত্ৰত সহযোগিতা অন্বেষণৰ বাবে আলোচনা কৰা হয়।
মঙলবাৰে গোৱালে এক্স-পোষ্টত লিখিছে, ইনফিনিটি এনাৰ্জীৰ অধ্যক্ষ মহম্মদ ইছমাইল মনছুৰৰ সৈতে সাক্ষাৎ কৰি সম্ভাৱ্য সুযোগৰ বিষয়ে আলোচনা কৰে । ভাৰতৰ সৈতে যোগাযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ইজিপ্তৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ মাজত আগ্ৰহ বাঢ়িছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে ইজিপ্তৰ নবীকৰণযোগ্য শক্তি কোম্পানী ইনফিনিটি এনাৰ্জীৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে আলোচনা কৰি বাহন নিৰ্মাণ আৰু বৈদ্যুতিক বাহনৰ দৰে ক্ষেত্ৰত সহযোগিতা অন্বেষণ কৰে।
গোৱেলে লিখিছে, “আমি অটোমোবাইল নিৰ্মাণ, বৈদ্যুতিক বাহন (ইভি), অটো কম্পোনেণ্ট, বিত্তীয় প্ৰযুক্তি আৰু ডিজিটেল পেমেণ্ট, নবীকৰণযোগ্য শক্তি, লজিষ্টিক, গুদাম আৰু যোগান শৃংখলৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ ভাল সম্ভাৱনা দেখিছো।”
তেওঁ কয় যে ভাৰতৰ বিশাল আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰ, শক্তিশালী উৎপাদন পৰিৱেশ তন্ত্ৰ, দক্ষ কৰ্মশক্তি, আৰু অনুকূল বিনিয়োগৰ পৰিৱেশে ইজিপ্তৰ ব্যৱসায়ীসকলৰ বাবে ভাৰতৰ উন্নয়ন যাত্ৰাত অংশগ্ৰহণৰ এক সোণালী সুযোগৰ সৃষ্টি কৰিছে।
ভাৰত, ইজিপ্তৰ মাজত ৯০ দিনত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হ’ব পাৰে
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰত আৰু ইজিপ্তৰ বিষয়াসকলে বাণিজ্যিক চুক্তিৰ বাবে টাৰ্মছ অৱ ৰেফাৰেন্স (টি অ’ আৰ) চূড়ান্ত কৰিব। তেওঁ আশা প্ৰকাশ কৰে যে অহা ৯০ দিনৰ ভিতৰত দুয়োখন দেশে এই চুক্তিৰ আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিব।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীৰ যোৱা নিশা দুদিনীয়া কায়ৰো ভ্ৰমণৰ সামৰণি পৰে । ভাৰত আৰু ইজিপ্তৰ মাজত বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰাৰ বাবে তেওঁ নেতা আৰু ব্যৱসায়িক নেতাৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়। তেওঁ কয় যে এই ভ্ৰমণে মোক এনে ক্ষেত্ৰসমূহ অন্বেষণ কৰাত সহায় কৰিলে য’ত মোৰ কোম্পানীয়ে ইজিপ্তৰ কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰিব পাৰে।’ দুয়োজনেই আছিল ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলৰ অংশ।
মন কৰিবলগীয়া যে ইজিপ্ত ভ্ৰমণৰ সময়ত গোৱালে ১০০ জনতকৈ অধিক সদস্যৰ ব্যৱসায়িক প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল। দুয়োখন দেশেই দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ বাবে বাণিজ্যিক চুক্তিৰ সম্ভাৱনাৰ সন্ধান কৰি আছে। তেওঁলোকৰ লক্ষ্য হৈছে অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ১২ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ